ETV Bharat / bharat

কৌশলগত কৃষিকৰ্ম - Strategic Cultivation

দেশখনে খাদ্য সুৰক্ষা লাভ কৰাৰ লগতে দেশৰ মেৰুদণ্ড বুলি কোৱা খেতিয়কসকল প্ৰচুৰভাৱে লাভান্বিত হ’ব তেতিয়াহে যেতিয়া খেতিয়কৰ শ্ৰমৰ মূল্য প্ৰদানেৰে বৈপ্লৱিক সংস্কাৰ প্ৰৱৰ্তন আৰু কাৰ্যকৰী কৰা হ’ব ।

শস্য উৎপাদন
কৃষিকৰ্ম
author img

By

Published : Jan 5, 2020, 1:59 PM IST

বতৰৰ আগলি বতৰা প্ৰদানকাৰী আৰু কৃষি বিষয়ক সমস্যা সমাধান কৰা প্ৰতিষ্ঠান স্কাইমেটে অনাগত খাৰিফ শস্যৰ বাবে বতৰৰ প্ৰাথমিক বতৰা লৈ আহিছে । এই ক্ষেত্ৰত পিঁয়াজৰ বজাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । সবিশেষ প্ৰতিবেদনে উন্মোচন কৰিছে যে, বহু শস্য দক্ষিণ পশ্চিম মৌচুমীৰ সময়ত বান আৰু অধিক হাৰত বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । স্কাইমেটৰ প্ৰতিবেদন মতে ১২ খন ৰাজ্যৰ ১৩৭ খন আক্ৰান্ত জিলাৰ ৩২ মিলিয়নতকৈ অধিক কৃষিভূমি এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ।

প্ৰতিষ্ঠানটোৱে আৰু আশংকা কৰিছে যে, বান আৰু অধিক বৰষুণৰ বাবে চাউল, তেলৰ বীজ আৰু মাহজাতীয় শস্যৰ বিক্ৰী ১২ শতাংশলৈ হ্ৰাস পাব পাৰে । আনকি কেই সপ্তাহমান পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছিল । মন্ত্ৰণালয়ৰ মতে ১৫ খন ৰাজ্যৰ প্ৰায় ৬৪ লাখ হেক্টৰ ভূমি বান আৰু অবিৰত বৰষুণৰ ফলত জলমগ্ন হৈছিল । কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা চৰকাৰ এতিয়াও বহু দূৰত অৱস্থান গ্ৰহণ কৰিছে । অক্টোবৰত আৰম্ভ হোৱা এই চিজনটো শেষ হয় ফেব্ৰুৱাৰীত । প্ৰধানমন্ত্ৰী আয় সংৰক্ষণ অভিযান বা পি এম এ এ এছ এয়ে প্ৰায়ে ৩৭.৫৯ লাখ মেট্ৰিক টন তেলৰ বীজ আৰু মাহজাতীয় শস্য ক্ৰয় কৰাৰ কথা আছিল । কিন্তু নিৰ্ধাৰিত সময় পাৰ হোৱাৰ দুমাহ পাছতো এতিয়ালৈকে প্ৰায় এক মিলিয়ন টনহে ( পূৰ্বতে কিনিব বিচৰা মুঠ পৰিমাণৰ তিনি শতাংশতকৈও কম) ক্ৰয় কৰা হৈছে । উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ওড়িশা আদি ৰাজ্যত এই ক্ৰয় প্ৰক্ৰিয়া অদ্যপি আৰম্ভ হোৱা নাই ।

যেতিয়াই কোনো কৃষিজাত সামগ্ৰীৰ ফচল হ্ৰাস পায়, তেতিয়াই যোগান আৰু চাহিদাৰ মাজত ব্যৱধান বৃদ্ধি পায় । যাৰ ফলত বজাৰত বিদ্যমান শক্তিসমূহে সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হয় । চাহিদা আৰু যোগানৰ মাজত নিয়ন্ত্ৰণ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ হাতত উপযুক্ত পৰিমাণৰ সামগ্ৰী মজুত থাকিব লাগে যাতে তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে ।

যদিও ভাৰতে বিশ্বৰ ভিতৰত মাহজাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত ২৫ শতাংশ অৱদান আগবঢ়ায়, কিন্তু এই শস্যসমূহ দেশৰ ভিতৰৰ চাহিদা পূৰণ কৰিবলৈও বহু সময়ত যথেষ্ট নহয় । যাৰ ফলত ভাৰতবৰ্ষই আন দেশৰ পৰা আমদানি কৰিবলগীয়া হয় । দেশৰ কৃষি ভূমিৰ ১২-১৫ শতাংশত তৈলবীজৰ খেতি কৰা হ’লেও এতিয়াই হওক বা পূৰ্বতেই হওক খোৱা তেল বাহিৰৰ পৰা আমদানি কৰাটো অপৰিহাৰ্য হিচাপে পৰিগণিত হৈ আহিছে ।

এই নিৰ্ভৰশীলতা নোহোৱা কৰিবৰ বাবে কমিচন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেচে কেইবাবছৰ পূৰ্বে এক দীৰ্ঘকালীন ব্যৱস্থাৰ পৰামৰ্শ প্ৰদান কৰিছিল । ইউ পি এ চৰকাৰে খোৱা তেলৰ ক্ষেত্ৰত আয়োগে প্ৰদান কৰা পৰামৰ্শসমূহৰ প্ৰতি গুৰুত্ব দিছিল । আনহাতে, মাহজাতীয় শস্যৰ খেতিৰ ক্ষেত্ৰত সাহায্য আৰু সমৰ্থন মূল্য প্ৰদান কৰিবলৈ এক বিশেষ সমতিতি গঠন কৰা হৈছে ।

ছেপ্টেম্বৰত পি এম-এ এ এছ এ কৃষকৰ বাবে শীৰ্ষত আৰোহণ কৰে । আঁচনিখন প্ৰৱৰ্তন কৰাৰ চাৰি মাহ পূৰ্বে চৰাকে ২৫ মিলিয়ন টনতকৈ অধিক মাহজাতীয় শস্য আৰু তৈলবীজ ক্ৰয় কৰিছিল । ই আছিল ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য বা মুঠ ৩৩.৬ শতাংশ লাখ টনৰ ৭৫ শতাংশ । পূৰ্বতে লেহেমীয়া গতিৰ বাবে সমালোচিত হোৱা এ এ এফ ই ডি অৰ্থাৎ নেচনেল এগ্ৰিকালচাৰেল কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্বনে বৰ্তমান দেশক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছে । পি এম এ এ এছ এৰ ব্যয়ৰ পৰিমাণ হিচাপে দুবছৰৰ বাবে ১৫,০৫৩ কোটি টকা ধাৰ্য কৰা হৈছিল । আনহাতে ক্ৰেতা প্ৰতিষ্ঠনসমূহে এই আঁচনিৰ অধীনত অতিৰিক্তভাৱে ১৬,৫৫০ কোটি টকাৰ ঋণৰ সুবিধা লাভ কৰে । তৎসত্বেও এই ক্ষেত্ৰখনত কোনোধৰণৰ অগ্ৰগতি পৰিলক্ষিত হোৱা নাই । সাধাৰণ ৰাইজে যাতে তেল বা মাহ-দাইল আদি ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ'বলগীয় নহয় তাৰ বাবে চৰকাৰে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব
লাগে ।

অনাগত দিনত ভঁৰালত সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে দেশখন কেতিয়াও মাহজাতীয় শস্য আৰু তৈল বীজৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব নোৱাৰে । কৃষি শস্যৰ সামগ্ৰিক ফচল উন্নত কৰাৰ বাবে উন্নত মানৰ কৃষি পদ্ধতিসমূহ আৰু সেউজ বিপ্লৱৰ কৌশলসমূহ আয়ত্ব কৰাটো বৰ্তমান ভাৰতৰ বাবে অতি প্ৰয়োজনীয় ।

চীনে আমাতকৈ দুগুণ কঁপাহ আৰু আমেৰিকাই নগুণ মাকৈজাতীয় শস্যৰ খেতি কৰি আহিছে । বাদাম, সূৰ্যমুখী ফুল, চিচেমৰ বীজ সৰিয়হ আদিৰ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আদি দেশৰ সৈতে ভাৰতবৰ্ষক তুলনাও কৰিব নোৱাৰি । আন দেশসমূহে নিজৰ শস্যৰ ফচল উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ভাৰতৰ দৰে কৃষিপ্ৰধান দেশ এখনত আশ্চৰ্যজনকভাৱে কম সংখ্যা হোৱাটো অতি উদ্বেগজনক ।

যদিও ফচলৰ পৰিমাণ বৃদ্ধি পায় ভাৰতীয় খেতিয়কসকলে তাৰ আনন্দ উপভোগ কৰিব নোৱাৰে । কিয়নো বজাৰ দখলকাৰী আৰু মধ্যভোগীয়েহে বিক্ৰী দামৰ পৰা লাভান্বিত হয় । যিহেতু খেতিয়কসকলে জমা কৰি ৰাখিব নোৱাৰে সেয়ে তেওঁ সঠিক চাহিদাৰ সময়লৈকে বিক্ৰী কৰাৰ বাবে অপেক্ষা কৰিব নোৱাৰে । যাৰ বাবে তেওঁলোকে নিয়মীয়া মূল্যতে বিক্ৰী কৰি থাকিবলগীয়া হয় ।

আমি এনে এখন দেশত বাস কৰোঁ য’ত খেতিয়কসকলক নানা সমস্যা আৰু হতাশাৰ বেহুত আৱদ্ধ কৰি ৰখা হৈছে য’ৰ পৰা তেওঁলোকে ওলাই আহিব নোৱাৰে । চৰকাৰে খেতিয়কসকলক এনেদৰে সহায় কৰিব লাগে যাতে অতিৰিক্ত ফচলসমূহ বিদেশলৈ ৰপ্তানি কৰিব পাৰে আৰু তাৰ ফলত খেতিয়ক সমাজখন বৃহত্তৰভাৱে উপকৃত হ’ব । আনহাতে যেতিয়া কোনো এক শস্যৰ খেতি ভাল নহয় বুলি অনুভৱ কৰা যায় তেতিয়া লগে লগে বাহিৰৰ পৰা ৰপ্তানিৰ ব্যৱস্থা কৰিলে গ্ৰাহকৰ ওপৰত
দাম বৃদ্ধিৰ বোজা নপৰে ।

যেতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শস্যৰ ক্ষেত্ৰত সকলো দিশকে সামৰি সমাধানৰ হেতু ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহে দেশৰ অৰ্থনীতি আৰু কৃষি সমাজখন সেউজ হোৱা বুলি অভিহিত কৰিব পাৰিম । দেশখনে খাদ্য সুৰক্ষা লাভ কৰাৰ লগতে দেশৰ মেৰুদণ্ড বুলি কোৱা খেতিয়কসকল প্ৰচুৰভাৱে লাভান্বিত হ’ব তেতিয়াহে যেতিয়া খেতিয়কৰ শ্ৰমৰ মূল্য প্ৰদানেৰে বৈপ্লৱিক সংস্কাৰ প্ৰৱৰ্তন আৰু কাৰ্যকৰী কৰা হ’ব ।

আৰু পঢ়ক : দ্ৰুত জাননীত মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ মাৰ্কিন ‘ইমিডিয়েট ৰেচ্পন্স ফ'ৰ্চ’

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.