নিউজ ডেস্ক, 12 এপ্ৰিলঃ শিশু তথা প্ৰাপ্ত বয়স্ক লোকসকলক কৰ'ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সঠিক তথ্যৰ প্ৰয়োজন । লগতে ভিত্তিহীন তথ্যত গুৰুত্ব নিদি সত্যতা সম্বন্ধে আলোচনা কৰাটোও প্ৰয়োজনীয় ।
যাৰ পৰিপ্ৰেক্ষিতত এখন নতুন গল্প সম্বলিত গ্ৰন্থ প্ৰস্তুত কৰা হৈছে । যিয়ে শিশুসকলক COVID-19 সম্পৰ্কে বুজা আৰু সেই বিষয়ে আলোচনা কৰাত সহায় কৰিব । এই কিতাপখন বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অৰ্ধ শতাধিক মানৱ সেৱাৰ্থে কাম কৰি থকা সংস্থাৰ উদ্যোগত প্ৰস্তুত কৰি তোলা হৈছে ।
শিশুসকল কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিয়া লোকসকলৰ মাজৰে অন্যতম । সেয়ে এই গল্পপুথিয়ে তেওঁলোকক এই সম্পৰ্কে সজাগতা প্ৰদানত সহায় কৰিব ।
গল্পটি হৈছে, "My Hero is You, How Kids can fight COVID-19!" এই গল্পটিত আৰিঅ' নামৰ এটা চৰিত্ৰ উপস্থাপন কৰা হৈছে । যিয়ে শিশুসকলক কৰ'ণা মহামাৰীৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি বা মোকাবিলা কৰিব পাৰি, সেই বিষয়ে বুজাত সহায় কৰিব ।
এই গল্প পুথি 6ৰ পৰা 11 বছৰ বয়সৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে । পুথিখন প্ৰথমাৱস্থাৰ পৰাই অধিকতকৈয়ো অধিক সংখ্যক শিশুৰ মাজলৈ প্ৰেৰণ কৰিবলৈ 6 টা ভাষাত অনুবাদ কৰা হৈছে । উল্লেখ্য যে, আৰু 30টা ভাষাত এই গল্প অনুবাদ কৰা হ'ব । এই গল্প অইলাইন আৰু কিতাপ আকাৰে উপলব্ধ কৰা হৈছে ।
লগতে পঢ়কঃ COVID 19: জাতীয় দায়িত্ব পালন কৰিলে হায়দৰাবাদ বিমান বন্দৰে