নিউজ ডেস্ক, ৫ জুলাই : দীৰ্ঘদিন প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা পাছত চিত্ৰ পৰিচালক ষ্টিভেন স্পিলবাৰ্গ আৰু অভিনেত্ৰী তথা লেখিকা ডাষ্ট্ৰি এলিনে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ইতিমধ্যে বিবাহৰ দিন ধাৰ্য কৰিছে ।
শুকুৰবাৰে এলিনে ইনষ্ট্ৰাগ্ৰামত পোষ্ট কৰি জনালে এই কথা । লগতে, অভিনেত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, জীৱনৰ সকলোতকৈ ভাল বন্ধু গৰাকীৰ সৈতে জীৱন অতিবাহিত কৰিবলৈ সাজু । অভিনেত্ৰী গৰাকীয়ে, ইনষ্ট্ৰাগ্ৰামত এটা ভিডি'অ বনাই আপল'ড কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখযোগ্য যে, হলীউডটো অভিনেত্ৰী গৰাকীয়ে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল । লিগ্ৰেণ্ডৰ ৱেবছাইট অনুসৰি, মূলত অভিনেত্ৰী গৰাকী চুইজাৰলেণ্ডৰ অভিনেত্ৰী আছিল । তেওঁ লী ষ্ট্ৰাচবাৰ্গৰ থিয়েটাৰ আৰু ফিল্ম ইনষ্টিটিউটৰ পৰা দুই বছৰৰ পাঠ্যক্ৰম সমাপ্ত কৰিছিল ।