ETV Bharat / bharat

দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব ষ্টেচ্যু অৱ ইউনিটি

author img

By

Published : Oct 14, 2020, 11:45 AM IST

দেশৰ বিখ্যাৎ পৰ্যটন ক্ষেত্ৰ সমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰেই অংশ হিচাপে চৰ্দাৰ সৰোবৰ নৰ্মদা নিগম লিমিটেডে ষ্টেচ্যু অৱ ইউনিটি পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Sardar Sarovar Narmada Nigam Limited
Sardar Sarovar Narmada Nigam Limited

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ : প্ৰায় ছমাহৰ বিৰতিৰ পাচত পুনৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব বিশ্বৰ সৰ্বোচ্চ মূৰ্তি ষ্টেচ্যু অৱ ইউনিটি ৷ অহা 17 অক্টোবৰৰ পৰা অৰ্থাৎ নৱৰাত্ৰিৰ পহিলা দিনাৰ পৰা মুকলি কৰি দিয়া হ’ব চৰ্দাৰ বল্লভ ভাই পেটেলৰ এই মূৰ্তিটো ৷

দেশৰ বিখ্যাৎ পৰ্যটন ক্ষেত্ৰ সমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰেই অংশ হিচাপে চৰ্দাৰ সৰোবৰ নৰ্মদা নিগম লিমিটেডে ষ্টেচ্যু অৱ ইউনিটি পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কৰ্তৃপক্ষই ইতিমধ্যে কেৱডিয়াত পৰ্যটকক আকৰ্ষণৰ বাবে জংঘল চাফাৰী, শিশু পুষ্টি উদ্যান,একতা মল আদি দৰ্শকক আকৰ্ষণৰ বাবে মুকলি কৰি দিছে ৷ ইয়াৰ লগতে তেওঁলোকে যঠেষ্ট সহাৰি লাভ কৰা বুলিও জনাইছে ৷ ষ্টেচ্যু অৱ ইউনিটি পুনঃ মুকলিৰ বাবে কৰ্তৃপক্ষই ইতিমধ্যে ক’ভিড-19 ৰ সকলো যাৱতীয় নীতি নিয়ম অনুসৰণ কৰিছে ৷

সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে কৰ্তৃপক্ষই পৰ্যটকৰ সংখ্যা অধিকতম 2500 গৰাকীক এদিন ত দৰ্শনৰ অনুমতি দিব আৰু ইয়াৰে মাত্ৰ পাঁচ শ গৰাকীয়ে193 কিমি উচ্চতাত থকা গেলাৰীত উঠি সেই স্থান পৰিভ্ৰমণ কৰাৰ সুযোগ পাব ৷

ষ্টেচ্যু অৱ ইউনিটি দৰ্শনৰ বাবে যাৱতীয় টিকট www.soutickets.in ৱেব চাইট যোগে লাভ কৰিব ৷ টিকট কাউন্টাৰত কোনো টিকট যোগান ধৰা নহ’ব ৷ অহা 31 অক্টোবৰত চৰ্দাৰ সৰোবৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

লগতে পঢ়ক : আজমলে অসমীয়া ভাষা-সংস্কৃতিক নিঃশেষ কৰিব খুজিছে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.