ETV Bharat / bharat

তৃতীয় দিনাৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'য়ে সোধ-পোচ কৰিব ৰিয়াক

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীক তৃতীয় দিনাৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই সোধ-পোচ কৰিব । যোৱা ৬ছেপ্টেম্বৰত ৰিয়াক প্ৰথমবাৰৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই জেৰা চলাইছিল ।

author img

By

Published : Sep 8, 2020, 12:56 PM IST

তৃতীয় দিনাৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'য়ে সোধ-পোচ কৰিব ৰিয়াক
তৃতীয় দিনাৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'য়ে সোধ-পোচ কৰিব ৰিয়াক

চিটাৰা ডেস্ক, ৮ছেপ্টেম্বৰ: তৃতীয় দিনৰ বাবে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰিয়া চক্ৰৱৰ্তীয়ে। সুশান্তৰ মৃত্যুৰ ঘটনাত ড্ৰাগছৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছৰে পৰা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, এনফ'ৰ্চমেন্ট ডাইৰেক্ট'ৰেটৰ লগতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই তদন্ত অব্যাহত ৰাখিছে । ড্ৰাগছ সৰবৰাহকাৰীৰে সম্পৰ্ক থকা, সুশান্তক আত্মহত্যাৰ বাবে উচতনি যোগোৱা আৰু অপৰাধমূলক কামত সহযোগ কৰা বাবে ৰিয়াৰ ভাতৃ শৌভিক আৰু সহায়ক ছেমুৱেল মিৰাণ্ডাক ইতিমধ্যে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গ্ৰেপ্তাৰ কৰিছিল ।

বিগত ৬ ছেপ্টেম্বৰৰ পৰা ধাৰবাহিকভাৱে ৰিয়াকো জেৰা চলাইছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । মঙলবাৰে তৃতীয় দিনৰ বাবে সোধ-পোচ কৰিব ৰিয়াক । তদন্তকাৰী বিষয়াই প্ৰকাশ কৰা মতে, ৰিয়াই দাবী কৰিছিল যে ,পৰামৰ্শ নোলোৱাকৈয়ে সেৱনৰ বাবে সুশান্তক দিয়া হৈছিল ড্ৰাগছ । ৰিয়াই সুশান্তৰ ভগ্নী প্ৰিয়ংকা সিং, মীতু সিং আৰু দিল্লীৰ ৰাম মনোহৰ ল'হিয়া হাস্পতালৰ চিকিৎসক তৰুণ কুমাৰৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ । ৰিয়াই ইয়াকো দাবী কৰিছিল যে, প্ৰিয়ংকা সিং, মীতু সিং আৰু তৰুণ কুমাৰে ৰিয়াৰ সৈতে আলোচনা নকৰাকৈয়ে সুশান্তক পান কৰোৱাইছিল নিষিদ্ধ দ্ৰব্য

সুশান্তৰ ভগ্নী প্ৰিয়ংকাই ৰিয়াক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে ৰিয়াই । বৰ্তমানলৈকে বান্দ্ৰা আৰক্ষী থানাত ৰুজু কৰা হৈছে ২৯টা গোচৰ । উল্লেখ্য় যে, যোৱা ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ হৈছিল অভিনেতাজনৰ বান্দ্ৰাস্থিত বাসগৃহত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.