ETV Bharat / bharat

ৰিয়াৰ ভাতৃ শৌভিক আৰু ছেমুৱেল মিৰিণ্ডাক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক আৰু হাউচ মেনেজাৰ ছেমুৱেল মিৰিণ্ডাক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে স্থানীয় আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে।

ৰিয়াৰ ভাতৃ শৌভিক আৰু ছেমুৱেল মিৰিণ্ডাক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ
ৰিয়াৰ ভাতৃ শৌভিক আৰু ছেমুৱেল মিৰিণ্ডাক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ
author img

By

Published : Sep 5, 2020, 2:54 PM IST

চিটাৰা ডেস্ক, ৫ছেপ্টেম্বৰ: নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক আৰু হাউচ মেনেজাৰ ছেমুৱেল মিৰিণ্ডাক বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সুশান্ত সি ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ মাজত ড্ৰাগছৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছতে শুক্ৰবাৰে ড্ৰাগছ ব্যৱহাৰৰ গোচৰত দুয়েকে গ্ৰেপ্তাৰ কৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই।

স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে স্থানীয় আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে । সুশান্তৰ মৃত্যুৰ পিছতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই বিভিন্ন দৃষ্টিকোণৰ পৰা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সুশান্তৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে শৌভিক আৰু ছেমুৱেল মিৰিণ্ডাক দোষী হিচাপে তদন্ত চলাইছে ।

মাদক দ্ৰব্যৰ উৎপাদন, ক্ৰয়-বিক্ৰয়, সৰবৰাহ, অপৰাধজনিত কাম কৰাৰ প্ৰয়াস, ঘৃণা আৰু অপৰাধ সংঘটিত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰাৰ লগতে অপৰাধীক আশ্ৰয় প্ৰদানৰো অভিযোগ উত্থাপন হৈছে দুয়োজনৰ বিৰুদ্ধে । এই সন্দৰ্ভত অধিক সোধ-পোচ কৰিবলৈ আটক কৰি শৌভিক আৰু ছেমুৱেলক নিজৰ জিম্মাত ৰখাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে অনুসন্ধানকাৰী দলটোৰ বিষয়াই ।

১০ঘণ্টাৰো অধিক সময় জেৰা চলোৱাৰ পিছত দুয়োকে গ্ৰেপ্তাৰ কৰা হয় আৰু বালাৰ্ড এষ্টেটস্থিত নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। শুক্ৰবাৰে পুৱা ৬.৩০বজাত অন্ধেৰীৰ ছাণ্টাক্ৰুজস্থিত শৌভিক আৰু ছেমুৱেলৰ ঘৰৰ তালাচী লোৱা হয় । দুয়োৰে ঘৰৰ পৰা তালাচীত জব্দ কৰা সামগ্ৰীৰ পৰা অতিৰিক্ত প্ৰমাণ বিচাৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই । তদন্তকাৰী সংস্থাটোৰ বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি সুশান্তৰ প্ৰেমিকা ৰিয়ালৈও অতি শীঘ্ৰে চমন পঠিওৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী জৈড বিলাত্ৰা আৰু আব্দুল বাসিত পৰিহাৰৰে সম্পৰ্ক আছে শৌভিক আৰু ছেমুৱেল মিৰাণ্ডাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.