ETV Bharat / bharat

ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"

ভৌগলিক সূচক বিশেষজ্ঞ ডাঃ ৰজনীকান্তে প্ৰধানমন্ত্ৰীৰ সমষ্টিৰ পৰা এগৰাকী বোৱনীক অযোধ্যাৰ ভূমিৰ লগতে প্ৰভু শ্ৰীৰামৰ চিত্ৰ অংকিত এখন বিশেষ গামোচাৰ বাবে দায়িত্ব প্ৰদান কৰিছে ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে পৰিধান কৰিবলগীয়া এই গামোচাখনৰ বাবে তেওঁ সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে ৷

author img

By

Published : Aug 1, 2020, 10:33 PM IST

ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"
ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"

নিউজ ডেস্ক, 1 আগষ্ট : প্ৰস্তাৱিত ৰাম মন্দিৰ ভূমি পূজনৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে এখন বিশেষ গামোচাৰ প্ৰস্তুত কৰি উলিয়াব দেশৰ প্ৰসিদ্ধ ভৌগলিক সূচক বিশেষজ্ঞ ডাঃ ৰজনীকান্তে ৷ 5 আগষ্টৰ ভূমি পূজনৰ দিনটোত প্ৰধানমন্ত্ৰী মোডীয়ে পৰিধান কৰিবলগীয়া এই বিশেষ গামোচাখন প্ৰস্তুত কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰানসীৰ এগৰাকী বিশেষ বোৱনীক নিযুক্ত কৰিছে ডাঃ ৰজনীকান্তে ৷

5 আগষ্টত প্ৰস্তাৱিত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ বাবে 500 কোটিৰ এক প্ৰকল্পও মুকলি কৰিব, যি প্ৰকল্পৰ দ্বাৰা ৰাম মন্দিৰ নিৰ্মাণৰ কাম চোৱাচিতা কৰা হ'ব আৰু ইয়াত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ তিনিগৰাকী সদস্যৰে এখন কমিটী গঠন কৰা হ'ব ৷

ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ
মোডীৰ বাবে প্ৰস্তুত কৰা বিশেষ "গামোচা"খন

ভূমি পূজনৰ আগে আগেই ডাঃ ৰজনীকান্তে এই বিশেষ গামোচাখন প্ৰধানমন্ত্ৰী মোডীক উপহাৰ হিচাপে আগবঢ়াই তেওঁক আদৰণি জনোৱা হ'ব বুলি জানিব পৰা গৈছে ৷

ডাঃ ৰজনীকান্তে এই গামোচাখন প্ৰস্তুতৰ বাবে নিয়োগ কৰিছে বাৰানসীৰ প্ৰখ্যাত বোৱনী বাচ্চালাল মৌৰ্যক ৷ মৌৰ্যই 15 দিনৰ ভিতৰতে এই বিশেষ গামোচাখন প্ৰস্তুত কৰি উলিয়াব ৷ এই বিশেষ গামোচাখন অযোধ্যাৰ ভূমিৰ লগতে প্ৰভু শ্ৰীৰামৰ চিত্ৰ অংকিত হৈ থাকিব বুলি জনাইছে ডাঃ ৰজনীকান্তে ৷

বাৰানসীৰ প্ৰখ্যাত বোৱনী বাচ্চালাল মৌৰ্য

অযোধ্যাৰ প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণস্থলীত ভূমি পূজনৰ দিনাখন প্ৰধানমন্ত্ৰী মোডীয়ে এটা ৰূপৰ ইটা ৰাখি ভূমি পূজন আৰম্ভ কৰিব ৷ এই ইটাটোৰ ওজন 22.6 কিলোগ্ৰাম আৰু ইয়াৰ নামত ব্যয় হৈছে 15,59,000 টকা ৷ ইটাটো দিনৰ ঠিক 12:15:15 বজাত নিৰ্মাণস্থলীত সংস্থাপিত কৰা হ'ব ৷ ভূমি পূজনৰ পিচতেই ন্যাসে প্ৰস্তাৱিত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব ৷ ন্যাসক 2024ৰ ভিতৰত মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ কোৱা হৈছে ৷

উল্লেখ্য যে, 5 আগষ্টৰ "ভূমি পূজন"ৰ দিনটোতে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ এবছৰ সম্পূৰ্ণ হ'ব ৷

লগতে পঢ়ক : অযোধ্যা আইনৰ অধীনত 67 একৰ ভূমি শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত হস্তান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.