ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে শুনানি ল'ব অনুচ্ছেদ 370ক জনোৱা প্ৰত্যাহ্বানৰ - জম্মু-কাশ্মীৰ নিউজ

উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে শুনানি ল'ব অনুচ্ছেদ 370ক জনোৱা প্ৰত্যাহ্বানৰ ৷ জম্মু-কাশ্মীৰৰ পৰা বিশেষ অধিকাৰ খৰ্ব কৰি ৰাষ্ট্ৰপতিৰ নিৰ্দেশনা অনুসৰি অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দেশৰ উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক অসাংবিধানিক বুলি আবেদন দাখিল হৈছিল ৷

উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে শুনানি ল'ব অনুচ্ছেদ 370ক জনোৱা প্ৰত্যাহ্বানৰ
author img

By

Published : Aug 15, 2019, 11:07 PM IST

নিউজ ডেস্ক, 15 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে শুনানি ল'ব অনুচ্ছেদ 370ক জনোৱা প্ৰত্যাহ্বানৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দেশৰ উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক অসাংবিধানিক বুলি আবেদন দাখিল হৈছিল ৷ জম্মু-কাশ্মীৰৰ পৰা ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ পিচতেই অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

ইয়াৰ উপৰিও জম্মু-কাশ্মীৰৰ বিশিষ্ট সাংবাদিক অনুৰাধা ভাছিনে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন ৷ সাংবাদিকগৰাকীয়ে আবেদনখনত জম্মু-কাশ্মীৰত ইন্টাৰনেটকে ধৰি ম'বাইল সেৱা আৰু অন্যান্য সেৱাসমূহ বন্ধ কৰি দিয়াটো মৌলিক অধিকাৰ খৰ্ব হোৱা বুলি উল্লেখ কৰিছিল ৷

দুয়োখন আবেদনৰ পিচতে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত ৷ সেই অনুসৰি, তিনিজনীয়া বিশেষ খণ্ড বিচাৰপীঠে দুয়োখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহাকালি অৰ্থাৎ 16 আগষ্টত দুয়োখন আবেদনৰ শুনানি গ্ৰহণ কৰিব দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত তিনিজনীয়া বিশেষ খণ্ড বিচাৰপীঠে ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগতে ন্যায়াধীশ এছএ বব্দে আৰু এছ আব্দুল নাজিৰে শুনানি গ্ৰহণ কৰিব দুয়োখন আবেদনৰ ৷

আগষ্টৰ 5 তাৰিখে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ দ্বাৰা সংশোধন কৰা হৈছিল অনুচ্ছেদ 367, যাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰৰ বাবে অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পথ প্ৰশস্ত হৈছিল ৷ ইয়াৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল প্ৰথমখন আবেদন ৷ অনুৰাধা ভাছিনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ত দাখিল কৰা দ্বিতীয়খন আবেদনত সংবিধানৰ অনুচ্ছেদ 19ৰ অধীনত প্ৰদান কৰা অধিকাৰ খৰ্ব কৰাৰ কথা উল্লেখ কৰিছিল ৷

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.