ETV Bharat / bharat

চপোৰ আক্ৰমণত নিহতৰ বাসগৃহত উপস্থিত আইজিপি বিজয় কুমাৰ

author img

By

Published : Jul 4, 2020, 10:18 PM IST

কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে 1 জুলাইত সংঘটিত চপোৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত বাসগৃহত উপস্থিত হয় ৷ ইটিভি ভাৰতৰ আগত ব্যক্ত কৰা অনুসৰি, এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰে বিষয়াগৰাকীয়ে ৷

চপোৰ আক্ৰমণত নিহতৰ বাসগৃহত উপস্থিত আইজিপি বিজয় কুমাৰ
চপোৰ আক্ৰমণত নিহতৰ বাসগৃহত উপস্থিত আইজিপি বিজয় কুমাৰ

নিউজ ডেস্ক, 4 জুলাই : কাশ্মীৰৰ চপোৰত 1 জুলাইত চিআৰপিএফৰ তহলদাৰী বাহিনীৰ ওপৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা অসামৰিক ব্যক্তিগৰাকীৰ বাসগৃহত উপস্থিত হয় কাশ্মীৰ আৰক্ষীৰ এটা উচ্চস্তৰীয় দল ৷ কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰৰ নেতৃত্বত যোৱা কাশ্মীৰ আৰক্ষী তথা চিআৰপিএফৰ শীৰ্ষ বিষয়াৰ দলটোৱে 1 জুলাইৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা অসামৰিক লোক বছিৰ আহমেদ খানৰ শ্ৰীনগৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷

বছিৰ আহমেদ খানৰ বাসগৃহত আইজিপি বিজয় কুমাৰ

উল্লেখ্য যে, 1 জুলাইত চপোৰত এটা মছজিদৰ ভিতৰত লুকাই থকা পাকিস্তান সমৰ্থিত এটা সন্ত্ৰাসবাদীৰ দলে চিআৰপিএফৰ এটা তহলদাৰী দলৰ ওপৰত নিৰ্বিচাৰ গুলিচালনা কৰিছিল ৷ এই আক্ৰমণত চিআৰপিএফৰ হেড কনিষ্টবল, ৰাজস্থানৰ বাসিন্দা দীপ চান্দ শ্বহীদ হোৱাৰ লগতে নিজৰ নাতিয়েকৰ সৈতে গাখীৰ ক্ৰয় কৰিবলৈ বুলি ওলাই অহা বছিৰ আহমেদ খান নিহত হৈছিল ৷ চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সাহসী জোৱানসকলে প্ৰচণ্ড গুলিয়াগুলিৰ মাজতো এই আক্ৰমণৰ পৰা বছিৰ খানৰ 3 বছৰীয়া নাতি ল'ৰাটোক সুকলমে উদ্ধাৰ কৰিছিল ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ ষ্টেচন হাউচ অফিছাৰ আজিম খানে 3 বছৰীয়া শিশুটোক উদ্ধাৰ কৰিছিল ৷

বছিৰ খানৰ 3 বছৰীয়া নাতিৰ সৈতে ষ্টেচন হাউচ অফিছাৰ আজিম খান

এই ভ্ৰমণৰ সময়ত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত আইজিপি কুমাৰে কয় যে, তেওঁলোকে দিনৰ প্ৰায় 12:30 বজাত বছিৰ আহমেদ খানৰ বাসগৃহত গৈ উপস্থিত হয় ৷ ঘটনাটো সন্দৰ্ভত আমি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰো আৰু ইয়াৰ এক উচিত তথা খৰতকীয়া তদন্তৰ আশ্বাস দিছো ৷ আমি পৰিয়ালটোক চিচিটিভি ফুটেজৰ সহায়ত সমগ্ৰ ঘটনাটোৰ বিষয়ে উল্লেখ কৰো ৷

উল্লেখ্য যে, চপোৰ সংঘৰ্ষৰ পিচতেই কাশ্মীৰৰ বিছিন্নতাবাদী তথা পাকিস্তানৰ সমৰ্থনকাৰী অপশক্তিয়ে বছিৰ আহমেদ খানক চিআৰপিএফে গুলিয়াই হত্যা কৰা বুলি বিভিন্ন মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰিছিল ৷ কিন্তু চিআৰপিএফে মছজিদটোত সংলগ্ন চিচিটিভি কেমেৰাৰ ফুটেজ তথা পাৰ্শ্বৱৰ্তী অঞ্চলত থকা চিচিটিভি কেমেৰাৰ পৰা সমগ্ৰ সংঘৰ্ষৰ দৃশ্যাৱলী সংগ্ৰহ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, ইয়াৰ এই ঘটনাৰ কিছুদিন পূৰ্বে শ্ৰীনগৰত এগৰাকী চিআৰপিএফ জোৱান আৰু এগৰাকী 6 বছৰীয়া কিশোৰক সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছিল ৷ ইতিমধ্যে শুকুৰবাৰে এই ঘটনাৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদী জাহিদক গুলিয়াই নিধন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ চপোৰ ঘটনাৰ দোষী জৱাবদিহি হ'ব লাগিবঃ এন্টনিঅ' গুটৰেজ

লকডাউনৰ সময়চোৱাত জম্মু-কাশ্মীৰত সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দল তথা চিআৰপিএফে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে আৰু বহুকেইটা সন্ত্ৰাসবাদী নিধন কৰিবলৈ সক্ষম হৈছে ৷ সেনাৰ গাৰ্ডছ ৰেজিমেন্টৰ কৰ্ণেল আশুতোশ শৰ্মাৰ লগতে চাৰিগৰাকী জোৱান এক সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ হোৱাৰ পিচতে সেনাই সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ এনে অৱস্থাত দিশহাৰা হৈ পৰা সন্ত্ৰাসবাদীসকলে সামৰিক বাহিনী তথা অৰ্ধসামৰিক বাহিনীৰ লগতে শিশু আৰু অসামৰিক লোকক লক্ষ্য কৰি লৈছে ৷

লগতে পঢ়কঃ চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.