ETV Bharat / bharat

ছোনিয়া, মনমোহন আৰু ৰাহুলৰে বৈঠকত মিলিত হ'ব G23 নেতা

author img

By

Published : Dec 19, 2020, 10:57 AM IST

কংগ্ৰেছৰ G23 বৈঠক ৷ শনিবাৰে G23 বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ ৷ দলৰ 23 গৰাকী জ্যেষ্ঠ শীৰ্ষ নেতাই ছোনিয়া গান্ধীলৈ দলীয় সংস্কাৰৰ আবেদন জনাই পত্ৰ প্ৰেৰণ কৰাৰ পাছত এইখন প্ৰথম বৈঠক ৷ ছোনিয়া গান্ধী, মনমোহন সিং আৰু ৰাহুল গান্ধীৰ বাহিৰে জেষ্ঠ নেতা এ কে এন্টনী, পি চিদাম্বৰম, গোলাম নৱি আজাদ, আনন্দ শৰ্মা, শশী থাৰুৰ, ভূপেন্দৰ হুদা আৰু পৃথ্বী ৰাজ চৌহান বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা ৷

sonia manmohan rahul among several others to meet g23 leaders
ছোনিয়া, মনমোহন আৰু ৰাহুলৰে বৈঠকত মিলিত হ'ব G23 নেতা

নেচনেল ডেস্ক, 19 ডিচেম্বৰ: শনিবাৰে পুৱা কংগ্ৰেছ দলৰ অন্তৱৰ্তীকালীন নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে দলৰ জ্যেষ্ঠ অসন্তুষ্ট নেতাসকল G23 শীৰ্ষক বৈঠকত মিলিত হ'ব ৷ ছোনিয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কংগ্ৰেছ দলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ৰাহুল গান্ধীয়ে অংশ ল'ব ৷ দলৰ 23 গৰাকীকৈ শীৰ্ষ নেতাই দলত সংস্কাৰ অনাৰ লগতে সালসলনিৰ দাবী জনাই ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছত সম্ভৱতঃ এইবাৰেই তেওঁলোক প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ'ব ৷

ছোনিয়া গান্ধী, মনমোহন সিং আৰু ৰাহুল গান্ধীৰ বাহিৰে জেষ্ঠ নেতা এ কে এন্টনী, পি চিদাম্বৰম, গোলাম নৱি আজাদ, আনন্দ শৰ্মা, শশী থাৰুৰ, ভূপেন্দৰ হুদা, পৃথ্বী ৰাজ চৌহান এই বৈঠকত উপস্থিত থাকিব ৷ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা এই বৈঠকত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, এই বৈঠকত মিলিত হৈ তেওঁলোকে আনুষ্ঠানিকভাৱে কৃষক বিদ্ৰোহৰ ফলত উদ্ভৱ হোৱা হোৱা বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে কলকাতাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.