নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীয়ে 9 ডিচেম্বৰত তেওঁৰ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৃষক বিদ্ৰোহ আৰু কৰ'ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কংগ্ৰেছৰ সাধাৰণ সচিব সন্থাই ৰাজ্যসমূহৰ কংগ্ৰেছৰ মুৰব্বীৰ সৈতে আলোচনা কৰি জনাইছে যে, ক'ভিড-19 আৰু চলিত কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ছোনিয়া গান্ধীয়ে এইবৰ্ষৰ জন্মদিন পালন নকৰে ৷
ছোনিয়াই এক বাৰ্তা প্ৰেৰণ কৰি কয়, "চৰকাৰৰ কঠোৰ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ কৃষকসকলে অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে, সেয়েহে অন্নদাতাসকলক সমৰ্থন জনাই তেওঁলোকৰ সমস্যাসমূহ নাইকিয়া কৰিবলৈ চেষ্টা কৰাৰ লগতে সাহাৰ্য প্ৰদান কৰা উচিত ৷"
কে. চি বেনুগোপালে সকলো ৰাজ্যৰে কংগ্ৰেছৰ মুৰব্বীসকলক ছোনিয়া গান্ধীৰ জন্মদিনৰ দিনা কেক কাটি উদযাপন নকৰিবলৈ আহ্বান জনাইছে ৷
উল্লেখ্য যে, দেশৰ কৃষকসকলে আয়োজন কৰা ভাৰত বন্ধত কৃষক সংগঠনসমূহক সমৰ্থন জনোৱাৰ লগতে দেশৰ সকলো জিলা মুখ্য কাৰ্যালয়তে দলৰ সদস্য উপস্থিত থাকি ভাৰত বন্ধৰ সমৰ্থন জনাবলৈ নিৰ্দেশ দিছে কংগ্ৰেছে ৷
লগতে পঢ়ক : ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস নৰেন্দ্ৰ মোডীৰ