নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : ছাৰ গংগা ৰাম হাস্পতালত অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ থকা কংগ্ৰেছ মুৰব্বী ছোনিয়া গান্ধীয়ে 5 ফেব্ৰুৱাৰীৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰে ৷ অসুস্থতাৰ বাবে গান্ধীক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
তথ্য অনুসৰি, দিল্লীৰ শাস্ত্ৰী পাৰ্কত 5 ফেব্ৰুৱাৰীত এই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে সংসদত কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তো উপস্থিত থাকিব নোৱাৰে কংগ্ৰেছৰ নেত্ৰীগৰাকী ৷ দেওবাৰে দুপৰীয়া ভাগত গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
নেত্ৰীগৰাকীৰ অনুপস্থিতিত অন্যান্য কংগ্ৰেছ নেতাসকলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ৷
আৰু পঢ়ক : হঠাৎ 30 কোটিৰ অধিকাৰী এগৰাকী মহিলা