নিউজ ডেস্ক, 29 মে': মহাৰাষ্ট্ৰৰ নাগপুৰৰ মমিনা পুৰা অঞ্চলত কেইবা শতাধিক লোকে অঞ্চলটোৰ পথ মুকলিৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ । তাৎপৰ্যপূৰ্ণ কথা যে, অঞ্চলটো বৰ্তমানেও ৰেড জ'ন হিচাপে চিনাক্ত হৈ আছে আৰু এই প্ৰতিবাদত অংশ লোৱা শতাধিক লোক একত্ৰিত হোৱাৰ পাচতেই মুকলিকৈ ভংগ হৈছে সমাজিক দূৰত্বৰ নিয়ম । ইয়াৰ ফলত কোনো লোক যদি এই ৰোগত আক্ৰান্ত আছিল তেন্তে আৰু অধিক লোকৰ মাজলৈ সংক্ৰমণ বিয়পাৰ আশংকা কৰা হৈছে ।
ইপিনে, ৰাজ্যখনত ভাৰতৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে । বৃহস্পতিবাৰলৈ ৰাজ্যখনত আক্ৰান্তৰ মুঠ সংখ্যা 59,546 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,982 হৈছে ।