নেশ্যনেল ডেস্ক, 27 মে': উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জংছনত বিশেষ শ্ৰমিক ট্ৰেইনৰ যাত্ৰীয়ে চলালে লুটপাত ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ পালে সমগ্ৰ ঘটনাৰ ভিডিঅ' ৷ ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷
মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া অজিত কুমাৰ সিঙে কয়, "প্ৰয়াগৰাজ জংছনত এখন বিশেষ শ্ৰমিক টেইন ৰখাৰ পাচতে প্ৰব্ৰজিত শ্ৰমিকসকলে ট্ৰেইনৰ পৰা নামে আৰু পানীৰ বটল সমূহ লুটি নিয়ে ৷ ভিডিঅ'টোত এই লোকসকলৰ ওপৰত লাঠি চালনা কৰাও দেখিবলৈ পোৱা গৈছে ৷ তদন্ত জাৰি থকাৰ লগতে ইয়াৰ বাবে জগৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"
এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাজ্য চৰকাৰে এই শ্ৰমিকসকলৰ বাবে ট্ৰেইনত খাদ্যৰ ব্যৱস্থা কৰিছিল ৷ অজিত কুমাৰে কয়, "দেশত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ঘটনা সঁচাকৈয়ে চিন্তনীয় ৷ বিষয়টোৰ পৰ্যালোচনা কৰা হৈছে আৰু দায়িত্বৰ প্ৰতি অৱহেলা কৰা প্ৰশাসনৰ লোকক অতি সোনকালেই বিচাৰি উলিওৱা হ'ব ৷"