ETV Bharat / bharat

মেঘালয়ত আৰম্ভ হ'ব দোকানৰ লগতে যানবাহনৰ চলাচল

কেবিনেট সচিব ৰাজীৱ গৌবাৰ সতে হোৱা ৰাজ্যিক মুখ্যসচিব আৰু স্বাস্থ্য সচিবৰ আলোচনাৰ অন্তত, মেঘালয় চৰকাৰে সোমবাৰৰ পৰা ৰাজ্যখনৰ দোকানসমূহৰ লগতে যানবাহনৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শ্বিলঙক বাদ দি বাকী সকলোতে এই নিয়ম কাৰ্যকৰী হ'ব ।

author img

By

Published : May 10, 2020, 5:56 PM IST

আৰম্ভ হ'ব দোকানৰ লগতে যানবাহনৰ চলাচল
আৰম্ভ হ'ব দোকানৰ লগতে যানবাহনৰ চলাচল

নিউজ ডেস্ক, ১০ মে' : শ্বিলঙক বাদ দি বাকী সকলো স্থানতে দোকান আৰু যানবাহনৰ চলাচল মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে । সোমবাৰৰ পৰা ৰাজ্যখনত দোকানসমূহ মুকলি কৰিবলৈ অনুমতি দিয়াৰ লগতে ৫০ শতাংশ যানবাহনৰ চলাচলত অনুমতি প্ৰদান কৰিছে চৰকাৰে । মুখ্য়মন্ত্ৰী কনৰাড চাংমাই এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ।

জিলা উপায়ুক্ত আৰু জিলা পৰিৱহণ বিষয়াসকলক ৰাজহুৱা আৰু ব্যক্তিগত যানবাহনৰ চলাচল সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে মেঘালয়ত । উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টোন টেনচঙে শনিবাৰে এই কথা উল্লেখ কৰে । যাত্ৰীবাহী বাহনসমূহক ৫০ শতাংশ যাত্ৰী লৈ চলাচল কৰিবলৈ কোৱা হৈছে ৰাজ্যখনত । সামাজিক দুৰত্বৰ নিয়ম পালন কৰি এইদৰে দোকান আৰু যানবাহনৰ চলাচলত অনুমতি প্ৰদান কৰা হয় । অৱশ্যে শ্বিলঙৰ লগতে লিডুহ আৰু খানদেইলাডত এই নীতি কাৰ্যকৰী নহ'ব বুলি কোৱা হৈছে । আনহাতে বিগত দিনত অসমৰ মেডিকেল ভ্ৰমণ কৰা লোকসকলক হোম কোৱাৰেন্টাইনত থাকিবলৈ কোৱা হৈছে । কিয়নো গুৱাহাটী মেডিকেল কলেজৰ এগৰাকী শিক্ষাৰ্থীৰ কোবিড-১৯ পজিটিভ পোৱাৰ লগতে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত এগৰাকী ৰোগীৰ মৃত্যু ঘটিছে ইতিমধ্যে, যাৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰে মেঘালয় চৰকাৰে ।

মেঘালয়ত এতিয়ালৈকে ১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে ১০গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু ২ গৰাকী লোক সক্ৰিয় হৈ থকাৰ উপৰি এগৰাকী লোকৰ মৃত্য়ু ঘটিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.