নিউজ ডেস্ক, ২৮ জুন : অভিনেত্ৰী শিল্পা চেত্ৰী কুন্দাই দেওবাৰে ৱেব চিৰিজত জনপ্ৰিয় অভিনেত্ৰী সুশ্মিতা সেন পুনৰ উভতি অহাৰ বাবে অভিনন্দন জনাই আৰু অভিনেত্ৰী গৰাকীক দেখি অতিশয় আনন্দ লাভ কৰা বুলি অভিনেত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।
পূৰ্ৱৰ মিচ ইউনিভাৰ্চ সুশ্মিতা সেনৰ সৈতে অভিনেত্ৰী গৰাকীয়ে এখন ফটো আপলোড কৰি বেৱ চিৰিজত অভিনেত্ৰী গৰাকীক প্ৰশংসা কৰে । লগতে অভিনেত্ৰী গৰাকীয়ে জনাই যে, লক্ ডাউনৰ সময়ত ৱেব শৃংখলাৰ জৰিয়তে বহুতো অভিনেতা-অভিনেত্ৰীক দেখিছো । গতিকে দেওবাৰে ৱেব শৃংখলাত অভিনেত্ৰী গৰাকীৰ প্ৰদৰ্শন দেখি অভিভূত হৈছো আৰু অভিনেত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেত্ৰী গৰাকীয়ে চেয়াৰ কৰা ফটোখনৰ জৰিয়তে নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে, এই ফটোখনৰ বৰ্তমান বহুতখিনিয়ে সলনি হৈছে । সুশ্মিতা সেনক উদ্দেশ্যি অভিনেত্ৰী গৰাকীয়ে কয় যে, কেৱল বৰ্তমান আপোনাৰ আগৰ সেই উৎসাহ আৰু সাহসৰ অভাৱ দেখিবলৈ পোৱা গৈছে । লগতে অভিনেত্ৰী গৰাকীৰ পূৰ্ৱৰ বহু ঘটনা ছবিৰ লগতে অভিনয়ৰ দক্ষতা সম্পৰ্কে প্ৰশংসাৰে উপচাই পেলায় ।
অভিনেত্ৰী গৰাকীৰ প্ৰশংসাৰ পিচতে অভিনেত্ৰী সুশ্মিতা সেনে উত্তৰ প্ৰদান কৰি ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, ১৯ জুনত ৱেব চিৰিজত “ আৰিয়া ” ৰ জৰিয়তে ৫ বছৰৰ বিৰতিৰ পিচত অভিনেত্ৰী গৰাকীয়ে ভুমুকি মাৰিবলৈ সক্ষম হৈছিল । পৰিচালক ৰাম মাধবানীৰ দ্ধাৰা পৰিচালিত উক্ত ৱেব শৃংখলত অভিনেতা চন্দ্ৰপুৰ সিং, বিনোদ ৰাৱত, সিকন্দৰ খেৰ, মনীষ চৌধাৰী আৰু নমিতা দাসে অভিনয় কৰিছিল ।