ETV Bharat / bharat

কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

অহা ৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব এন চি পি প্ৰধান শাৰদ পাৱাৰে । দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰে আলোচনা কৰিব । অহা ৮ ডিচেম্বৰত প্ৰতিবাদী কৃষক সমাজে ভাৰত বন্ধৰ আহ্বান জনাইছে ।

কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাত্ কৰিব শৰদ পাৱাৰে

author img

By

Published : Dec 7, 2020, 12:14 PM IST

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ শাৰদ পাৱাৰে অহা ৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰে আলোচনাত মিলিত হ'ব । এন চি পিৰ মহাৰাষ্ট্ৰৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশ কঁপোৱা কৃষক বিদ্ৰোহ সন্দৰ্ভত শাৰদ পাৱাৰে ৰাষ্ট্ৰপতিৰে আলোচনা কৰিব । প্ৰাক্তন কৃষি মন্ত্ৰী পাৱাৰে দেওবাৰে কয় যে, কেন্দ্ৰই ভালদৰে বিবেচনা নকৰাকৈ কৃষি আইন প্ৰণয়ন কৰিলে । লগতে সতৰ্ক কৰি দিয়ে যে, যদি শীঘ্ৰে এই সমস্য়াৰ সমাধান উলিয়াব নোৱাৰে তেন্তে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিব ।

কৃষক বিদ্ৰোহ সন্দৰ্ভত পাৱাৰে কয় যে, পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষক ঘেঁহু আৰু ধানৰ মুখ্য উৎপাদক আৰু তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি থাকিবলগীয়া হৈছে । এই পৰিস্থিতি অব্যাহত থাকিলে ইয়াতকৈও অধিক কৃষকে এই প্ৰতিবাদত অংশ ল'ব । উল্লেখ্য যে, প্ৰতিবাদকাৰী কষকসকলে অহা ৮ ডিচেম্বৰত দেশজুৰি বন্ধৰ আহ্বান জনাইছে । ফাৰ্মাচ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ এক্ট ২০২০, দ্য ফাৰ্মাৰ্চ এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স আৰু ফাৰ্ম চাৰ্ভিচ এক্ট, ২০২০ আৰু এছেনচিয়েল ক'ম'ডিটিজ এক্ট, ২০২০ বাতিলৰ দাবীত বিদ্ৰোহৰ সূচনা কৰিছে দেশৰ কৃষক সমাজে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.