নিউজ ডেস্ক,16 নৱেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডা উপস্থিত থাকিব বিহাৰৰ ভাবী মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ৷ সোমবাৰে পাটনাত কুমাৰে ক্ৰমাগত সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ৷ দলীয় সূত্ৰই সদৰী কৰিছে এই কথা ৷
সোমবাৰে আবেলি অনুষ্ঠিত হ’ব এই শপত গ্ৰহণ অনুষ্ঠান ৷ বিহাৰত এনডিএ চৰকাৰ গঠন কৰাৰ দাবীত ৰাজ্যপাল ফগু চৌহানক সাক্ষাৎ কৰাৰ পিছত কুমাৰে দেওবাৰে নতুন মন্ত্ৰীসভাৰো একেদিনাই শপত গ্ৰহণ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে ৷ বিহাৰত শেহতীয়াকৈ সম্পন্ন হোৱা নিৰ্বাচনত জয়ী হোৱাৰ পিছত এনডিএ চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ যোগ্য নেতাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যে নেতাগৰাকীয়ে ৰাজ্যপালৰ পৰামৰ্শ গ্ৰহণ কৰে ৷
বিহাৰৰ কাটিহাৰৰ বিজেপি বিধায়ক তাৰকিশোৰ প্ৰসাদে উপ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰ এনডিএৰ ভাবী মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী বুলি সম্ভেদ লাভ কৰিছিল ৷
উল্লেখ্য যে, ক্ৰমাগত সপ্তমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে শপত গ্ৰহণ কৰিব ৷ কুমাৰে 2000 চনত মাৰ্চ মাহত সাত দিনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত 2005 চনত 24 নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে ৷ 2010 চনৰ 26 নৱেম্বৰত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ 2015 চনৰ 22 ফেব্ৰুৱাৰীত চতুৰ্থবাৰৰ বাবে, 2015 চনৰ 20 নৱেম্বৰত আৰজেডিৰ সৈতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পঞ্চমবাৰৰ বাবে আৰু আৰজেডিৰ সৈতে মিত্ৰজোঁট ভংগ কৰি বিজেপিৰ সৈতে মিত্ৰজোঁট গঠন কৰি 2017 চনৰ 27 জুলাইত ষষ্ঠবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নীতিশ কুমাৰে ৷
উল্লেখ্য যে, 243 খন আসনৰে সমৃদ্ধ বিহাৰ বিধানসভাৰ শেহতীয়া নিৰ্বাচনত এনডিএ-য়ে 125 খনকৈ আসন দখল কৰে ৷ য’ত বিজেপিয়ে দখল কৰে 74 খন আসন, জেডি(ইউ) য়ে 43 খন আসন আৰু আন দলে লাভ কৰে 8 খন আসন ৷ আনহাতে,আৰজেডিয়ে 75 খন আসন দখল কৰে ৷ য’ত কংগ্ৰেছে 70 খন আসনৰ ভিতৰত দখল কৰে মাত্ৰ 19 খন আসন ৷
লগতে চাওকঃ জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ