ETV Bharat / bharat

দুটা পৃথক দুৰ্ঘটনাত নিহত সাতজন প্ৰৱজক শ্ৰমিক - মহাৰাষ্ট্ৰত অতি কমেও 4 জন লোক নিহত

প্ৰথমটো দুৰ্ঘটনাত মহাৰাষ্ট্ৰত অতি কমেও 4 জন লোক নিহত হয় । আন এটা দুৰ্ঘটনাত উত্তৰ প্ৰদেশত মৃত্যু হয় তিনিজন লোকৰ । 12 ঘণ্টাৰ ব্য়ৱধানত সংঘটিত হয় এই দুয়োটা দুৰ্ঘটনা ।

দুটা পৃথক দুৰ্ঘটনাত নিহত সাতজন প্ৰৱজক শ্ৰমিক

author img

By

Published : May 19, 2020, 4:26 PM IST

নিউজ ডেস্ক, 19 মে': 12 ঘণ্টাৰ ভিতৰত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত অতি কমেও 7 জন লোক নিহত হয় । আনহাতে আহত হয় প্ৰায় 27 জনকৈ লোক । নিহত হোৱা লোক আটাইকেইজনেই আছিল প্ৰৱজক শ্ৰমিক । মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত সংঘতিত হয় এই দুৰ্ঘটনা ।

মহাৰাষ্ট্ৰত নিহত 4 , আহত 15

এখন শ্ৰমিক কঢ়িয়াই নিয়া বাছ এখন দুৰ্ঘটনাত পতিত হয় । ইয়াৰ ফলত নিহত হয় বাছ খনত যাত্ৰা কৰি থকা 4 জনকৈ প্ৰৱজক শ্ৰমিকৰ । আনহাতে আহত হয় 15 জন শ্ৰমিক । মঙলবাৰে পুৱাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয় । বাছ খনে বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাক এখনৰ লগত মুখা-মুখি সংঘৰ্ষত লিপ্ত হয় ।

বাছখনে মহাৰাষ্ট্ৰৰ চোলাপুৰৰ পৰা ঝাৰখণ্ডলৈ শ্ৰমিক কঢ়িয়াই নি আছিল ।

উত্তৰ প্ৰদেশত নিহত 3 , আহত 12

আনহাতে, উত্তৰ প্ৰদেশত প্ৰৱজিত শ্ৰমিকক কঢ়িয়াই নিয়া ট্ৰাক এখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত উত্তৰ প্ৰদেশত নিহত হয় 3 জন শ্ৰমিক আৰু আহত হয় 12 জন । উক্ত ট্ৰাক খনে 17 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.