নিউজ ডেস্ক, ২৪ জুনঃ আইএমএ পঞ্জিী (IMA ponzi)কেলেংকাৰীত জড়িত কৰ্ণাটকৰ প্ৰাক্তন আইএএছ বিষয়া বিজয় শংকৰৰে মঙলবাৰে বাংগালুৰুত আত্মহত্যা কৰে । বাংগালুৰু চহৰৰ কাষৰ এটি অঞ্চলত চীপ লৈ আত্মহত্যা কৰে বৰ্ষীয়ান আইএএছ বিষয়া গৰাকীয়ে ।
ঘটনা সন্দৰ্ভত বাংগালুৰু আৰক্ষী বিষয়াই কয় যে,কৰ্ণাটকৰ প্ৰাক্তন আইএএছ বিষয়া বিজয় শংকৰে মঙলবাৰে আত্মহত্যা কৰে । তেখেতৰ ওপৰত আইএমএ পঞ্জী কেলেংকাৰী সন্দৰ্ভত ১.৫কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলিও মত প্ৰকাশ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।
উল্লেখ্য যে,বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিজয় শংকৰ সহ অন্য দুগৰাকী চৰকাৰী বিষয়ববীয়াৰ বিৰুদ্ধে আইএমএ পঞ্জীৰ কেলেংকাৰী সন্দৰ্ভত উৎকোচ লোৱাৰ বাবে চিবিআইয়ে গোচৰ ৰুজু কৰে ।
তথ্য অনুসৰি, বিজয় শংকৰ আৰু আন এগৰাকী অভিযুক্ত নাগৰাজে একাউণ্টেট মঞ্জুনাথৰ জৰিয়তে আইএমএ গ্ৰুপ এফ কোম্পানীৰ নিৰ্দেশক পৰা উৎকোচ গ্ৰহণ কৰে ।
লগতে চাওকঃ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-19