ETV Bharat / bharat

বিজেপিৰ ত্যাগক শিৱ সেনাৰ ইতিকিং

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিতীশ কুমাৰে শপত গ্ৰহণ কৰাৰ দিনচেৰেক পাছতে বিজেপিৰ ত্যাগক ইতিকিং শিৱ সেনাৰ ৷ বিগত বৰ্ষত মহাৰাষ্ট্ৰ নিৰ্বাচনত শিৱ সেনাক একে পদৰ বাবে প্ৰত্যাখ্যান কৰি এইবাৰ তৃতীয় স্থানত অৱস্থান কৰা এটা দলৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী পদ এৰি দিয়া কাৰ্যক শিৱ সেনাৰ ইতিকিং ৷

author img

By

Published : Nov 18, 2020, 9:39 PM IST

বিজেপিৰ ত্যাগক শিৱ সেনাৰ ইতিকিং
বিজেপিৰ ত্যাগক শিৱ সেনাৰ ইতিকিং

মুম্বাই, 18 নৱেম্বৰ: মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সময়ত শিৱ সেনাক মুখ্যমন্ত্ৰী পদ প্ৰদান নকৰি বিহাৰৰ নিৰ্বাচনত তৃতীয় স্থানত অৱস্থান কৰা এটা দলক বিজেপিয়ে মুখ্যমন্ত্ৰী পদ এৰি দিয়া কাৰ্যক ইতিকিং শিৱ সেনাৰ ৷

শিৱসেনাৰ মুখপত্ৰ 'সামানা' ৰ এটা সম্পাদকীয়ত বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অনুগ্ৰহৰ আধাৰত কিমান দিনলৈ ভেটি ধৰি ৰাখিব বুলিও আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে নিতীশ কুমাৰে অন্য পথ গ্ৰহণ কৰিব নে নকৰে সেই লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

সদ্যসমাপ্ত বিহাৰ নিৰ্বাচনত বিজেপিয়ে 74 খন আসন লাভ কৰাৰ পৰিৱৰ্তে ইয়াৰ মিত্ৰদল জেডিইউয়ে 43 আসন লাভ কৰে ৷ ইফালে আৰজেডিয়ে অকলেই 75 খন আসন লাভ কৰে ৷ বিগত বৰ্ষত মহাৰাষ্ট্ৰ নিৰ্বাচনত বিজেপিয়ে 105 খন আসন লাভ কৰাৰ পৰিৱৰ্তে শিৱসেনাই 56 খন আসন লাভ কৰে ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ আসনক লৈ হোৱা মতবিৰোধৰ ভিত্তিত দুয়োটা দল দুভাগত বিভক্ত হয় ৷ ইয়াৰ পাছতে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰে ৷

বিহাৰৰ নিৰ্বাচনত বিজেপিয়ে জেডিইউৰ বাবে কৰা ত্যাগক লৈ সামানাৰ সম্পাদকীয়ত এইবুলি কোৱা হৈছে যে, "বিজেপিয়ে গৰিষ্ঠ আসন লাভ কৰাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰত শিৱসেনাক মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়া হোৱা নাছিল ৷ কিন্তু বিহাৰত তৃতীয় স্থানত অৱস্থান কৰা এটা দলক মুখ্যমন্ত্ৰী পদবী এৰি দিয়া হৈছে ৷ কেনে মহানুভৱতা ! ৰাজনীতিৰ এই ত্যাগৰ কথা বৰ্ণনা কৰিবলৈ চিঁয়াহীৰ অভাৱ হ'ব ৷"

লগতে পঢ়ক: বৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.