নিউজ ডেস্ক,২৭জুলাই: চপিয়ান জিলাত দেওবাৰে হোৱা সেনাৰ এই অভিযান কালত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ প্ৰসংগত স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া তথ্য মতে,দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাৰ ডাচু এলেকাৰ এখন জংঘলত আছিল সন্ত্ৰাসবাদী শিবিৰটো । সেনাৰ দ্বাৰা উৎখাত হোৱা এই উগ্ৰপন্থী শিবিৰটোৰ পৰা দু্টা ইউজিবিএল গ্ৰেনেডকে ধৰি পাচটা গ্ৰেনেড,এটা একে-৪৭ৰ মেগজিনৰ লগতে ২০ ৰাউণ্ড সক্ৰিয় গুলি,এটা ৰেডিঅ' চেটৰ লগতে বহু পৰিমাণৰ আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হৈছে ।
![Security forces bust militant hideout in J-K's Shopian district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20200725-wa0006_2507newsroom_1595651981_854.jpg)
উগ্ৰপন্থী শিবিৰটো উৎখাত হোৱাৰ পাছতে অঞ্চলটোত উগ্ৰপন্থীয়ে আত্মগোপন কৰাৰ সন্দেহত সেনাই অধিক সক্ৰিয়তাৰে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো উগ্ৰপন্থী সদস্যক আটক কৰিব পৰা নাই ।\
লগতে চাওকঃ পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল