ETV Bharat / bharat

আগন্তুক এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 'স্বচ্চ ভাৰত অভিযান'ৰ দ্বিতীয়টো পৰ্ব - কেন্দ্ৰীয় চৰকাৰ

আগন্তুক এপ্ৰিলৰ পৰা গ্ৰামাঞ্চলত আৰম্ভ হ'ব 'স্বচ্চ ভাৰত অভিযান'ৰ দ্বিতীয়টো পৰ্ব ৷ এই স্বচ্চতা আন্দোলনৰ দ্বিতীয়টো চৰণত সংশোধনমূলক পদক্ষেপ গ্ৰহণ কৰি অনুমোদিত ধনৰ যথাযথ ব্যয়েৰে স্বচ্চ ভাৰতৰ উচ্চ আদৰ্শক বাস্তৱত ৰূপায়ন কৰা হ'ব ৷

Swachh Bharat Abhiyan to begin from April

author img

By

Published : Feb 26, 2020, 11:38 PM IST

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে আগন্তুক এপ্ৰিলৰ পৰা গ্ৰামাঞ্চলত 'স্বচ্চ ভাৰত অভিযান'ৰ দ্বিতীয়টো পৰ্ব বাস্তৱায়নৰ দিশে অগ্ৰসৰ হৈছে ৷ ইয়াৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীসভাই সম্প্ৰতি খোৱাপানী আৰু অনাময়ৰ বাবে প্ৰায় 52,000 কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে ৷ স্বচ্চতাৰ মহা প্ৰকল্পৰ বাবে প্ৰথমটো বৰ্ষত প্ৰায় 10,000 কোটি টকা আৱন্টিত কৰা হৈছিল ৷ সম্প্ৰতি গ্ৰামীণ বিকাশৰ বাবে স্থায়ী সমিতি গঠন কৰা হৈছে, যিয়ে বিভিন্ন ৰাজ্যত স্বচ্চতা সেৱাসমূহৰ গুণাগুণৰ সমীক্ষা কৰে ৷ উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশ চৰকাৰে স্বচ্চ ভাৰত অভিযানৰ বাবে আৱন্টিত বাজেটত আঢ়ৈ বছৰত 6,500 কোটি টকাৰ এক ৰাশি জমা কৰিছে ৷

এই স্বচ্চতা আন্দোলনৰ দ্বিতীয়টো চৰণত সংশোধনমূলক পদক্ষেপ গ্ৰহণ কৰি অনুমোদিত ধনৰ যথাযথ ব্যয়েৰে স্বচচ ভাৰতৰ উচ্চ আদৰ্শক উপলব্ধি কৰিব লাগে ৷ সত্যাগ্ৰহৰ দৰে আন্দোলন গঢ়ি গাঁওসমূহৰ পৰা অস্বাস্থ্যকৰ পৰিৱেশ আৰু আৱৰ্জনা সমূহ দুৰ কৰিব লাগে ৷

বাপুজীৰ 150 তম জন্মদিনলৈকে সমগ্ৰ দেশতে স্থায়ী শৌচালয়, উচ্চ মানসম্পন্ন খোৱাপানী আৰু স্বচ্চ পথৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ সংকল্প লোৱাটো যথেষ্ট আছিল ৷ কেন্দ্ৰীয় চৰকাৰে গৌৰৱেৰে ঘোষণা কৰিছে যে এই লক্ষ্য অনুসৰণ কৰি তেওঁলোকে দেশৰ 28 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 5 লক্ষাধিক গাঁৱত শৌচালয় নিৰ্মাণৰ বাবে 9 কোটি 20 লাখ টকা ব্যয় কৰিছে ৷ কিন্তু ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে দেশৰ 95% লোকৰ শৌচালয় আগৰ পৰাই আছিল বুলি চৰকাৰৰ এই দাবীৰ বিৰোধিতা কৰে ৷ ইয়াৰোপৰি তেওঁলোকে কয় যে, ওড়িশা আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ আধা লোকৰ বাবে শৌচালয় বৰ্তমানো এক সপোনৰ দৰে ৷

RICE (Research Institute for Compassionate Economics)ৰ এক গৱেষণা অনুসৰি 4 খন প্ৰমুখ্য ৰাজ্যৰ 44% গ্ৰামাঞ্চলৰ বাসিন্দাৰ শৌচালয়ৰ কোনো ব্যৱস্থা নাই ৷ য'ত নেকি স্বচ্চ ভাৰত অভিযান অনুসৰি কোটি কোটি শৌচালয়ৰ নিৰ্মাণ কৰা হয় ৷ স্বচ্চতা আৰু স্বচ্চতাৰ ক্ষেত্ৰত সজাগতা প্ৰদান কৰাটো সিমানেই প্ৰয়োজনীয়, যিমান কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সচেতনতা প্ৰদান কৰা ৷

লগতে পঢ়কঃ বাজেট ২০২০ : 27 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.