নেশ্বনেল ডেক্স,24 ফেব্ৰুৱাৰীঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্ভয়া হত্যাকাণ্ডৰ অভিযুক্ত সকলক পৃথকে পৃথকে মৃত্যদণ্ড প্ৰদানৰ বাবে গৃহ মন্ত্ৰণালয়ে কৰা আবেদনৰ পুনৰ শুনানি গ্ৰহণ কৰিব ৷ ন্যায়ধীশ আৰ বানুমথী নেতৃত্বত ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ নবীন সিন্হাৰ তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ দিল্লী উচ্চ ন্যায়ালয়ে আবেদনখন প্ৰত্যাখ্যান কৰাৰ পিছেতেই কেন্দ্ৰই উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হৈছিল ৷ 5 ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন অভিযুক্তকে একেলগে মৃত্যুদণ্ড প্ৰদান কৰিব লাগে বুলি ৰায়দান দিছিল ৷
উচ্চ ন্যায়ালয়ে এই কথা প্ৰত্যক্ষ কৰিছিল যে, এজন অভিযক্তৰ ক্ষমা আবেদনৰ বিচাৰ চলি থকা সময়ত আনকেইজন অভিযুক্তক ফাঁচী প্ৰদান কৰিব পাৰি নে নোৱাৰি ৷ ট্ৰায়ল কোৰ্টৰ পৰা আদি কৰি উচ্চতম ন্যায়ালয় পৰ্যন্ত আটাইকেইজন অভিযুক্তকে সমান আদেশৰ আৱৰ্খাতত ৰখা হৈছে ৷ সমান্তৰালকৈ শনিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতে অভিযুক্ত বিনয় শৰ্মাই উন্নত চিকিৎসাৰ বাবে কৰা আবেদনো খাৰিজ কৰে ৷
লগতে পঢ়ক-কেৱল বাণিজ্য নহয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত