নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাক ভাৰতত আৱদ্ধ নেপালী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা পৰামৰ্শ গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ।
ন্যায়ধীশ এন. বি. ৰমনা নেতৃত্বাধীন বিচাৰপীঠে কয় যে, নেপালৰ উচ্চতম ন্যায়ালয়ে নেপাল চৰকাৰক সকলো প্ৰৱাসী নাগৰিকক ঘূৰাই নিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
আনহাতে, নেপালীসলকৰ পক্ষত অধিবক্তা কলিন গনছেলেভে কয় যে, নেপালৰ উচ্চতম ন্য়ায়ালয়ে প্ৰৱাসী নেপালীসকলক নিজ দেশলৈ ঘূৰাই নিবলৈ নিৰ্দেশ দিছে কিন্তু কেন্দ্ৰই ভাৰতীয় সীমান্তৰ পৰা ৯০০ জন শ্ৰমিকক যাবলৈ অনুমতি প্ৰদান কৰা নাই ।
চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, বৰ্তমান সময়ত নেপালত সম্পূৰ্ণৰূপে লক ডাউন মানি চলা হৈছে । সেয়হে আৱেদনকাৰীসকলে নেপালৰ গৃহ মন্ত্ৰণালয়ৰ সৈতে এই সম্পৰ্কত যোগাযোগ কৰিব লাগিব ।