ETV Bharat / bharat

স্বাস্থ্য সুৰক্ষা কৰ্মীৰ সুৰক্ষাকলৈ কেন্দ্ৰৰ স্থিতি জনোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - কোভিড-১৯

কেন্দ্ৰীয় চৰকাৰৰ ভূমিকালৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ । কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসক সকলৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা বান্ধি দিয়া বা গৃহীত কৰা উপযুক্ত সা-সজুলি প্ৰদানৰ ওপৰত গুৰুত্ব দিয়াৰ নিৰ্দেশ । ইয়াৰ লগতে সকলো কৰ্মচাৰীক খাদ্য, পৃথক যাতায়তৰ সুবিধা, আৱাসগৃহৰ লগতে আছুতীয়া কক্ষৰ ব্যৱস্থাৰো নিৰ্দেশ প্ৰদান কৰে ।

SC seeks Centre's stand on plea for WHO-graded protective gears to medical staffs

author img

By

Published : Apr 2, 2020, 12:18 PM IST

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বুধবাৰে কোভিড-১৯ ৰ চিকিৎসাত নিয়োজিত চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি জনোৱাৰ নিৰ্দেশ প্ৰদান কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে । বিশ্ব-স্বাস্থ্য সংস্থাৰ দ্বাৰা গৃহীত সা-সৰঞ্জাম সমূহ প্ৰদান কৰাৰ স্বাৰ্থত এক আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত । সেই সন্দৰ্ভতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি জনোৱাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

এজন চিকিৎসকৰ আবেদনৰ ভিত্তেই ডি ৱাই চন্দ্ৰচোদ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে এই বিষয়ে কেন্দ্ৰৰ স্থিতি জনোৱাৰ নিৰ্দেশ দিয়ে । লগতে মহা ন্যায়াধীশ (Solicitor General) তুষাৰ মেহতাক সকলো দিশ তদাৰক কৰিবলৈ আদেশ দিয়ে ।

বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চিঙৰ দ্বাৰা আগন্তুক সপ্তাহৰ প্ৰথম তাৰিখত ৰিট আবেদন (writ petition) তালিকাভূক্ত কৰাৰ আদেশ দিছে বিচাৰপীঠৰ দলটোৱে ।

নাগপুৰস্থিতি চিকিৎসক জেৰিয়েল বনাইটৰ আবেদনৰ ভিত্তিতেই এই শুনানি কৰা হয়। বিশ্ব স্বাস্থ্যৰ দ্বাৰা গৃহীত কৰা চিকিৎসা সজুলি সমূহৰ ভিতৰত আছে হাজমট চুইট ( সৰ্ব শৰীৰ ধাক খোৱা পোছাক), পিপিই (personal protective equipment), ষ্ট্ৰাৰ্চ এপপ্ৰিয়াৰ্লছ, মেডিকেল মাস্ক, চছমা, ফেচ শীল্ড, ৰেচপিৰেটৰ আৰু হেড কভাৰ ইত্যাদি । কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত সকলো চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীক এই সমূহ সজুলি যোগান ধৰাটো অতিকৈ প্ৰয়োজনীয় ।

কোভিড-১৯: শীঘ্ৰেই অনুষ্ঠিত হ'ব দক্ষিণ এচিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.