নিউজ ডেস্ক, 11 নৱেম্বৰঃ ক’লেজিয়াম পদ্ধতি অনুসৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তিনি ন্যায়াধীশৰ দ্বাৰা স্থাপিত পূবৰ্ৰ আধাৰত ৰাষ্ট্ৰপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে ৷ 1993 চনৰ পৰা চলি অহা এই ক’লেজিয়াম পদ্ধতিৰ দ্বাৰা ন্যায়াধীশ নিযুক্তিৰ ৰায়ৰ পুনৰ বিচাৰৰ আৱেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ৰ নজনীয়া ন্যায়াধীশ সমিতিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ প্ৰমূখ্যে ন্যায়াধীশ এচ. এ বোবড়ে আৰু এন.ভি ৰামানা সমন্বিতে গঠিত ন-ন্যায়াধীশ সমিতিয়ে আইনৰ সংস্কাৰ আৰু স্বচ্ছতাৰ বাবে ৰাষ্ট্ৰীয় আইনজীৱী প্ৰচাৰ সমিতিয়ে দাখিল কৰা আৱেদন অযোগ্য বুলি ঘোষণা কৰি পুনৰ বিচাৰৰ বাবে নাকচ কৰে ৷
যোৱা 17 অক্টোবৰত ন্যায়ালয়ে ঘোষণা কৰিছিল যে, তাৎক্ষণিক আৱেদন দাখিলত 9,071 দিনৰ পলম হৈছিল বাবে এই সম্পৰ্কে সঠিক ফলাফল লাভ কৰিব পৰা নগ’ল আৰু সেইবাবেই এই পুনৰ বিচাৰৰ আৱেদনক নাকচ কৰা হয় ৷ ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ ক্ষেত্ৰত এতিয়ালৈ কোনোৱে গোচৰ ৰুজু কৰা নাই ৷
ন্যায়ালয়ে লগতে এইবুলিও কয় যে, কেৱল আৱেদন পলমৰ ভিত্তিতেই নহয় পৰ্যাপ্ত যোগ্যতা নোহোৱোৰ বাবেও ইয়াক নাকচ কৰা হৈছে ৷ উল্লেখ্য যে, 1993 চনৰ আগতে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশক নিযুক্তি দিছিল ৷ কিন্তু 1993 চনৰ ৰায়ৰ পিচত কোনো মন্ত্ৰী বা অধিকাৰীয়ে ৰাষ্ট্ৰপতিক ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব নোৱাৰে ৷ উচ্চতম ন্যয়ালয়ে দিয়া ক’লেজিয়াম পদ্ধতিৰ দ্বাৰা ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে সম্পূৰ্ণ নিৰ্ণয় ল’ব পাৰে ৷ এই ক’লেজিয়াম পদ্ধতিৰ তীব্ৰ সমালোচনা হৈছিল আৰু 2015 চনত সংসদত ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগে (NJAC) ইয়াক বাতিলৰ বাবে বিল উত্থাপন কৰিছিল ৷ এই বিষয়টোৱে পিচত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় ৷