নেশ্যনেল ডেস্ক, 8 মে' : উচ্চতম ন্যায়ালয়ে বিদায় জনালে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দিপক গুপ্তাক ৷ বিদায় সম্ভাষণত তেওঁৰ কাৰ্যকালৰ বিভিন্ন মুহুৰ্ত স্মৰণ কৰে অধিবক্তা আৰু ন্য়ায়াধীশসকলে ৷ দিপক গুপ্তাই তেওঁৰ কাৰ্যকালত প্ৰদৰ্শন কৰা উদাৰ বিচাৰধাৰা, পৰিৱেশ সম্পৰ্কীয় বিষয় আৰু POCSO ঘটনাসমূহৰ বাবে প্ৰদান কৰা বিভিন্ন নিৰ্দেশক সকলোৱে প্ৰশংসা আগবঢ়ায় ৷
ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুডে কয়, "ন্যায়পালিকাত অধিক সময় কটোৱাৰ পাচতো গুপ্তাই উদাৰ আৰু মুক্ত বিচাৰ ধাৰা অব্যাহত ৰাখিছে ৷ ন্য়ায়াধীশ গুপ্তা কেতিয়াও তথাকথিত অধিবক্তা নহয়, এজন খোলা মনৰ ব্যক্তি ৷"
জ্যেষ্ঠ অধিবক্তা মুকুল ৰহটোগীয়ে কয়, "এজন ন্য়ায়াধীশে সত্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা বিচাৰৰ বাবে তেওঁক জনা যায় ৷ কিন্তু, এজন ন্যায়াধীশক তেওঁ বাৰ কাউন্সিলৰ বাবে প্ৰদান কৰা অৱদানৰ বাবেও জনা যায় ৷ তেওঁৰ অৱদান যদি ভাল হয়, অধিবক্তাসকলে সদায় তেওঁলোকৰ কনিষ্ঠ অধিবক্তাক এনে ন্য়ায়াধীশৰ উদাহৰণ দিয়ে ৷"
অধিবক্তা আৰু ন্যায়াধীশসকলক গুপ্তাই কয়, "তৰ্কৰ বাবে কনিষ্ঠ অধিবক্তাসকলক অধিক সুবিধা প্ৰদান কৰিব লাগে যাতে তেওঁলোকৰ গুচৰীয়াই ন্য়ায় লাভ নকৰিলে বুলি ভাবিব লগা নহয় ৷ আইন সম্পৰ্কত তেওঁলোক সম্পূৰ্ণৰূপে জ্ঞাত নহ'লেও সঁচা তথ্যৰ সৈতে তেওঁলোক সাজু থাকিব লাগে ৷"
ডি. ৱাই. চন্দ্ৰচুডক নিজৰ কফি খোৱাৰ সহযোগী হিচাপে উল্লেখ কৰি ন্য়ায়াধীশ গুপ্তাই কয় যে, যোৱা তিনি বছৰত এনেকুৱা এটা দিন নাই যিদিনা তেওঁলোক দুজনে ন্য়ায়াধীশৰ চেম্বাৰত পুৱা 10 বজাত কফিৰ খাবৰ বাবে লগ হোৱা নাই ৷ ইয়াৰোপৰি, প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে দুপৰীয়া আহাৰ গ্ৰহণৰ বাবেও তেওঁলোকে মিলিত হৈছিল বুলি স্মৰণ কৰে গুপ্তাই ৷
ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে হোৱা এই বিদায় সম্ভাষণত ন্য়ায়াধীশ গুপ্তাৰ জন্মদিনৰো শুভেচ্ছা জ্ঞাপন কৰে উপস্থিত অধিবক্তা আৰু ন্য়ায়াধীশসকলে ৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ কনিষ্ঠ উকীল সন্থাই এই বিদায় সম্ভাষণৰ আয়োজন কৰে ৷