নেশ্যনেল ডেস্ক, ৩ জুন: বুধবাৰে উচ্চতম ন্যায়ালয়ে শ্ৰম আদালতৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি ভি পি পাটিল দ্বাৰা বোম্বে উচ্চ ন্যায়ালয়ৰ সলনি ‘মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়’ নামেৰে নামাকৰণ কৰাৰ হেতু প্ৰেৰণ কৰা অনুজ্ঞা পত্ৰৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাম সলনি কৰাৰ অনুমতি প্ৰদান কৰে। মুখ্য ন্যায়াধীশ এছ. এছ. বোবডেৰ নেতৃত্বত দুই বিচাৰপতি এছ.এ. বোপন্না আৰু হৃষিকেশ ৰয়ৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে ।
উল্লেখ্য যে,‘মহাৰাষ্ট্ৰ’ নামটোৱে মাৰাঠীসকলৰ জীৱনত বিশেষ ভূমিকা পালন কৰে । সেইবাবে আদালতৰ সালসলনি অতি আৱশ্যকীয় বুলি ভি পি পাটিলৰ দলিলত লিখা আছে ।মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ৰ সৈতে দলিলখনত অন্য উচ্চ ন্যায়ালয়ৰ নাম ৰাজ্যৰ নাম অনুসাৰে সলনি কৰাৰ অনুমতি আছে । ‘মহাৰাষ্ট্ৰ’ শব্দত জোৰ দি দলিলত উল্লেখ আছে যে, এই শব্দটোৱে মাৰাঠাসকলৰ মহাৰাষ্ট্ৰৰ প্ৰতি থকা গৰিমা অধিক শক্তিশালী কৰি তুলিব আৰু এই গৰিমা অক্ষুন্ন ৰখাত সহায় কৰিব ।
লগতে পঢ়ক: দৰঙত 20 জনলৈ বৃদ্ধি COVID-19 আক্ৰান্তৰ সংখ্যা