নিউজ ডেস্ক, 22 জুনঃ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিয়ম-নীতিৰ মাজেৰে 23 জুনত উলিওৱা হ'ব পুৰীৰ ৰথযাত্ৰা ৷ সোমবাৰে পুৰী ৰথযাত্ৰাক অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ ৰাজ্যখনৰ কেৱল পুৰীত অনুষ্ঠিত কৰা হ'ব ৰথযাত্ৰা ৷ এই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু মন্দিৰ প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰিব ৷
মুখ্য ন্যায়াধীশ এচ.এ.বোবদেৰ অধ্যক্ষতাত তিনিজনীয়া বিচাৰপীঠে পুৰী ৰথযাত্ৰা সন্দৰ্ভত ৰায় প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে 18 মাৰ্চত পুৰীৰ বাৰ্ষিক ৰথযাত্ৰাত বাধা আৰোপ কৰিছিল ৷ আনহাতে, পুৰী ৰথযাত্ৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইতিপূৰ্বে কেবাখনো আবেদন দাখিল কৰা হৈছিল ৷
লগতে পঢ়কঃ কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী
উল্লেখ্য যে, যুগে-যুগে চলি অহা নিয়ম অনুসৰি, যদিহে ভগবান জগন্নাথ কালি নাহে তেন্তে পৰৱৰ্তী 12 বছৰলৈ পৰম্পৰা অনুসৰি আহিব নোৱাৰিব সেয়ে এই পৰম্পৰাক অক্ষুন্ন ৰখাটো গুৰুত্বপূৰ্ণ বুলি পুৰী ৰথযাত্ৰা সন্দৰ্ভত মন্তব্য কৰে চলিচিটৰ জেনেৰেল তুসাৰ মেহতাই ৷