ETV Bharat / bharat

স্বাস্থ্যকৰ্মীৰ বাবে হেল্পলাইন আৰম্ভ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ - স্বাস্থ্যকৰ্মী সকলৰ বাবে হেল্পলাইন আৰম্ভ

স্বাস্থ্যকৰ্মীৰ বাবে হেল্পলাইন আৰম্ভ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷ United Nurses Association ৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ ৷

কেন্দ্ৰক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ
স্বাস্থ্যকৰ্মীৰ বাবে হেল্পলাইন
author img

By

Published : Apr 15, 2020, 5:51 PM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে যুঁজ আগবঢ়াই অহা স্বাস্থ্য কৰ্মীসকলৰ বাবে হেল্পলাইন আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ নাৰ্ছ সকলক PPEs(Personal protective equipment) প্ৰদান কৰিবৰ বাবে চৰকাৰক নিৰ্দেশনা জাৰি কৰিবলৈ জনস্বাৰ্থজনিত আবেদন (PIL) দাখিল কৰাৰ পাচতে উচ্চতম ন্যায়ালয়ে চৰকাৰক এই নিৰ্দেশ প্ৰদান কৰে ৷

ইয়াৰ জৰিয়তে স্বাস্থ্যকৰ্মীৰ ওজৰ-আপত্তিসমূহ পঞ্জীয়ন কৰিব পৰা যাব ৷ PPEৰ অভাৱ,দৰমহা কৰ্তন,ভাড়াঘৰৰ মালিকে বাহিৰ কৰা আদি গোচৰসমূহ হেল্পলাইনৰ জৰিয়তে জনাব পাৰিব ৷ গোচৰ পঞ্জীয়ন কৰাৰ 2 ঘন্টাৰ ভিতৰতে বিহিত ব্যৱস্থা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷

উল্লেখ্য যে,কোভিড-19 ৰোগীক চিকিৎসা কৰাৰ সময়ত লাভ কৰিবলগা বিভিন্ন সুবিধা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ ওচৰত United Nurses Association য়ে আবেদন দাখিল কৰিছিল ৷

এই আবেদনত United Nurses Association য়ে উল্লেখ কৰা বিভিন্ন সমস্যাসমূহ হৈছে-

*পৰ্যাপ্ত পৰিমাণৰ personal protective equipment ৰ অভাৱ

*COVID-19 Testing Kitৰ অভাৱ

*সংক্ৰমণ ৰোধ আৰু প্ৰতিৰোধৰ বাবে প্ৰশিক্ষণৰ অভাৱ

*আইচ'লেশ্যন ৱাৰ্ডত সাধাৰণ সুবিধাৰ অভাৱ

*অধিক সময় কাম কৰিবৰ বাবে মানসিক চাপ প্ৰয়োগ

*গৰ্ভৱতী তথা স্তনপান কৰাই থকা মহিলাক কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰা

*খাদ্য,আশ্ৰয় আৰু চিকিৎসা সেৱাৰ অভাৱ

*চৰকাৰে প্ৰদান কৰা নিৰ্দেশনাৰ ব্যক্তিগত চিকিৎসালয়ৰ দ্বাৰা উলংঘন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.