ETV Bharat / bharat

জম্মু-কাশ্মীৰ প্ৰশাসনক 7 দিনৰ ভিতৰত সকলো আদেশ পৰ্যালোচনাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jan 10, 2020, 6:12 PM IST

জম্মু-কাশ্মীৰ প্ৰশাসনক 7 দিনৰ ভিতৰত সকলো আদেশ পৰ্যালোচনাৰ নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ ৷ কংগ্ৰেছ নেতা গুলাম নবীয়ে দৰ্শোৱা আপত্তি আৰু বহুকেইটা আৰোপৰ অতি সোনকালে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব ৷

7 দিনৰ ভিতৰত সকলো আদেশ পৰ্যালোচনাৰ নিৰ্দেশ
জম্মু-কাশ্মীৰ প্ৰশাসনক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : অনুচ্ছেদ 370 বাতিলৰ পাচতে জম্মু-কাশ্মীৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা গুলাম নবী আজাদে দৰ্শোৱা আপত্তি আৰু বহুকেইটা আৰোপৰ অতি সোনকালে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব ৷

গুলাম নবী আজাদ

যোৱা বছৰৰ 27 নৱেম্বৰত তিনিজনীয়া বিচাৰকৰ দলে এই গোচৰসমূহৰ ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷ এই বিচাৰকৰ দলটোত আছিল এন. ভি. ৰামানা, আৰ সুভাষ ৰেড্ডী আৰু বি. আৰ. গাভাই ৷

বৃন্দা গ্ৰ'ভাৰ

21 নৱেম্বৰত কেন্দ্ৰই জম্মু-কাশ্মীৰত প্ৰতিবন্ধকতা আৰোপ সন্দৰ্ভত নিজৰ যুক্তি প্ৰদৰ্শন কৰি কৈছিল যে, এই প্ৰতিবন্ধকতাৰ ফলতেই কোনো লোকৰ প্ৰাণ হানি হোৱা নাই আৰু এটাও গুলীচালনা কৰাৰ প্ৰয়োজন হোৱা নাই ৷

ছাদান ফাৰাছাট

আজাদৰ উপৰি সৰ্বোচ্চ ন্যায়ালয়খনে অনুৰাধা ভাছিন, কাশ্মীৰ টাইমছৰ কাৰ্যকৰী সম্পাদক আৰু বহুকেইজন ব্যক্তিৰ উপত্যকাটোত প্ৰতিবন্ধকতা সম্পৰ্কত শুনানি গ্ৰহণ কৰে৷

বৃন্দা গ্ৰ'ভাৰ

কাশ্মীৰত সন্ত্ৰাসবাদ সম্পৰ্কত কেন্দ্ৰই কৈছিল যে, বহু বছৰ ধৰি সন্ত্ৰাসবাদীয়ে সীমান্তৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই অহাৰ লগতে বিচিন্নতাবাদী আৰু স্থানীয় উগ্ৰপন্থী সংগঠনে নিজৰ কূটাঘাত সংঘটিত কৰি আহিছে ৷ ইয়াৰোপৰি, সাধাৰণ নাগৰিকসকলকো সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছে ৷ এনে ক্ষেত্ৰত নাগৰিকৰ জীৱন সুৰক্ষিত কৰিবৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰা হ'লে 'মূৰ্খামি' বুলি গণ্য কৰা হ'লহেঁতেন ৷

উল্লেখ্য যে, যোৱা বছৰৰ 5 আগষ্টত অনুচ্ছেদ 370 বাতিলকৰণৰ জৰিয়তে জম্মু-কাশ্মীৰক প্ৰদান কৰা বিশেষ ৰাজ্যৰ অধিকাৰ খৰ্ব কৰা হৈছিল ৷

আৰু পঢ়ক : শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

Intro:Body:

Kashmir

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.