ETV Bharat / bharat

বিচনাৰ নাটনিঃ দিল্লী চৰকাৰে ৰেল বিভাগৰ পৰা বিচাৰিলে অক্সিজেনযুক্ত বিচনা - corona pandemic

দিল্লীত প্ৰতিদিনে কোভিড ১৯ ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দুই সপ্তাহত হাস্পতালত বিছনাৰ সংখ্যা দুগুণ কৰিব লাগিব বুলি মন্তব্য দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ।

satyendar jain
satyendar jain demand oxygen beds from railway
author img

By

Published : Jun 7, 2020, 9:07 PM IST

নিউজ ডেস্ক, ৭ জুনঃ ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে ২৭ হাজাৰ অতিক্ৰম কৰিছে ৰোগীৰ সংখ্যাই। কোভিত ১৯ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে হাস্পতালত বিছনাৰ সংখ্যা বৃদ্ধি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।

সম্প্ৰতি দিল্লীত মুঠ ৮,৬৩৭ খন বিচনাৰ সুবিধা আছে। কিন্তু প্ৰতিদিনে কোভিড ১৯ ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দুই সপ্তাহত বিছনাৰ সংখ্যা দুগুণ কৰিব লাগিব বুলি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্ৰকাশ কৰে। উল্লেখ্য যে, বিগত দুটা সপ্তাহত ৰাজধানী চহৰখনত দুগুণ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা। যাৰ বাবে হাস্পতালৰ সুবিধাৰ লগতে বিচনাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে।

ইয়াৰ বাবে দিল্লী চৰকাৰে ৰেল বিভাগৰ পৰা হাস্পতালৰ বিচনা বিচাৰিছে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী সৈত্যেন্দ্ৰ জৈনে উল্লেখ কৰা অনুসৰি, সম্প্ৰতি স্বাস্থ্য বিভাগত পৰ্যাপ্ত আইছোলেশ্বন বিচনা আছে কিন্তু অক্সিজেনযুক্ত বিচনাৰ সংখ্যা অলপ কম। সেয়ে ৰেল বিভাগত অক্সিজেন বিচনা বিচাৰে স্বাস্থ্য মন্ত্ৰী সৈত্যেন্দ্ৰ জৈনে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.