ETV Bharat / bharat

ৰাজীৱ কুমাৰলৈ চি বি আইয়ে প্ৰেৰণ কৰা নাই দ্বিতীয়খন জাননী

author img

By

Published : May 29, 2019, 9:10 AM IST

প্ৰাক্তন আৰক্ষী গৰাকীক সোমবাৰে চি বি আইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী জাৰী কৰিছিল চি বি আইয়ে ৷ কিন্তু ছুটীত থকা বাবে হাজিৰ হ'ব নোৱাৰিব বুলি লিখিত ৰূপত বুলি জনাইছিল প্ৰাক্তন আয়ুক্ত গৰাকীয়ে ৷

Rajeev Kumar

কলকাতা,29 মে' : কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰলৈ দ্বিতীয়খন জাননী প্ৰেৰণ কৰাৰ কথা নাই চি বি আয়ে ৷ এই কথা মঙলবাৰে স্পষ্ট কৰে চি বি আয়ে ৷ প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীক সোমবাৰে চি বি আইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী জাৰী কৰিছিল চি বি আয়ে ৷ কিন্তু ছুটীত থকাৰ বাবে হাজিৰ হ'ব নোৱাৰিব বুলি লিখিত ৰূপত জনাইছিল প্ৰাক্তন আয়ুক্তগৰাকীয়ে ৷

ইয়াৰ পূৰ্বে 26 মে'ত প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসভৱনত উপস্থিত হৈছিল চি বি আইৰ দল ৷ প্ৰাক্তন আয়ুক্তজনৰ বিৰুদ্ধে "লুক আউট" জাননী জাৰী কৰিছিল চি বি আয়ে ৷ ৰাজীৱ কুমাৰক দেশৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল ৷ সাৰদা চীট ফাণ্ড জালিয়াতিৰ অনুসন্ধান সম্পৰ্কত সোধা পোচাৰ বাবে কলকাতাৰ চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল প্ৰাক্তন আয়ুক্তগৰাকীক ৷

উল্লেখ যোগ্য যে, 2012 -13 চনত সাৰদা-ৰ'জভেলীৰ চীটফাণ্ড কেলেংকাৰী পোহৰলৈ অহাৰ পাচতে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছিল পশ্চিমবংগৰ ৰাজ্য চৰকাৰে ৷ পৰৱৰ্তী সময়ত তদন্ত দায়িত্ব অৰ্পণ কৰা হয় চি বি আইক ৷ চি বি আইৰ অনুসন্ধানত প্ৰাক্তন আয়ুক্তগৰাকীৰ বিৰুদ্ধে তদন্তৰ তথ্য বিকৃতিকৰণৰ অভিযোগ উত্থাপিত হৈছিল ৷

Saradha chit fund scam: CBI denies issuing second summon to Rajeev Kumar
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.