ETV Bharat / bharat

ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে আদিবাসী ভাষাৰ ব্যৱহাৰ - সাংসদ অভিষেক মানু সিঙ

ৰাজ্যসভাৰ অধিৱেশনত আইন প্ৰণয়ন সম্পৰ্কীয় আলোচনা ৷ ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে আদিবাসী ভাষাৰ ব্যৱহাৰ ৷

Santali language makes debut in Rajya Sabha
ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে আদিবাসী ভাষাৰ ব্যৱহাৰ
author img

By

Published : Dec 7, 2019, 5:36 AM IST

নিউজ ডেস্ক, 6 নৱেম্বৰঃ সভাপতিৰ অনুমোদন সাপেক্ষে সংসদৰ সাংসদসকলে বিষয়টো উত্থাপন কৰে ৷ শুক্ৰবাৰে ৰাজ্যসভাৰ স্থায়ী কমিটিয়ে তথ্যপাতি পৰীক্ষা কৰাৰ লগতে 44 গৰাকী ব্যক্তিগত সদস্যই বিধেয়কখন পৰীক্ষা কৰিব ৷ সংসদত জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত কংগ্ৰেছ সাংসদ অভিষেক মানু সিঙভিয়ে নিজাববীয়াকৈ এক বিধেয়ক উত্থাপন কৰিব ৷ অন্য এগৰাকী সাংসদ টি. সুব্ৰামী ৰেড্ডীয়ে ৰাজ্যসমূহৰ নদী তথা ইয়াৰ জল বিতৰণক লৈ এক বিধেয়ক উত্থাপন কৰিব ৷ তদুপৰি আন্তঃৰাজ্যিক নদীসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ প্ৰসংগ বিধেয়কখনত উল্লেখ থাকিব ৷

ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে আদিবাসী ভাষাৰ ব্যৱহাৰ

শিৱসেনাৰ অনিল দেশাইয়ে 1860 ৰ ভাৰতীয় দণ্ডবিধিৰ আধাৰত ভাৰতীয় দণ্ডবিধি (সংশোধনী) বিল, 2019 ৰ 376-এফ আৰু 376-জি ৰ উত্থাপন কৰিব ৷ বিজেপি সাংসদ বিজয় গোৱেলে দেশৰ ৰাজধানী চহৰত অৱস্থিত পুৰণি দিল্লীৰ সংৰক্ষণৰ প্ৰসংগত এখন বিধেয়ক উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিব ৷ গোৱেলে বহুসংখ্যাযুক্ত লটাৰী বিধেয়ক 2019 ৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব ৷ লগতে লটাৰীৰ বিক্ৰী আৰু প্ৰচাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব ৷ ইয়াৰোপৰি হিন্দু আৰু অন্যান্য ধৰ্মীয় স্থান সম্পৰ্কীয় 2019 বিধেয়ক উত্থাপন কৰিব ৷

সমাজবাদী পাৰ্টিৰ নেতা জাবেদ আলী খানে ৰাষ্ট্ৰপিতাৰ অপমান আৰু স্বতন্ত্ৰতা আন্দোলন বিধেয়ক,2019 অথবা ৰাষ্ট্ৰপিতাৰ হত্যাকাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বিৰুদ্ধে বিধেয়ক উত্থাপন কৰিব ৷ বিজেপিৰ আৰ কে সিনহা স্বচ্ছ বায়ু বিধেয়ক 2019 উত্থাপন কৰিব যাতে সকলো নাগৰিকে বিশুদ্ধ বায়ু সেৱন কৰিব পাৰে ৷ ইয়াৰ বাবে বায়ুৰ গুণগত মান বঢ়োৱাৰ হেতু এন চি এ পি-য়ে বৈধতা প্ৰদান কৰা ৷ কংগ্ৰেছ সাংসদ পি এল পুনিয়াই অনুসূচীত জাতি আৰু জনজাতিৰ শিশুৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানত আসন সংৰক্ষণ কৰাৰ বাবে বিধেয়ক উত্থাপন কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিংহ ঠাকুৰে 2018ৰ মাৰ্চত সমাপ্ত হোৱা ভাৰতৰ মহালেখা পৰীক্ষকৰ প্ৰতিবেদনৰ এক প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব ৷

আৰু পঢ়কঃ হায়দৰাবাদ এনকাউণ্টাৰঃ কি কয় আৰক্ষী বিষয়া সজ্জনাৰে !

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.