ETV Bharat / bharat

বলুকা শিল্পৰে কৰ'ণা ভাইৰাছৰ সজাগতা সুদৰ্শন পাটনায়কৰ

author img

By

Published : Mar 16, 2020, 10:00 AM IST

'COVID -19'ৰ সজাগতাৰ বাবে পুৰীৰ সাগৰ তীৰত বলুকা শিল্পী সুদৰ্শন পাটনায়কে অংকন কৰিছে চিত্ৰ ৷ ইয়াৰ জড়িয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে সকলোকে আতংকিত নহবলৈ আহ্বান শিল্পীগৰাকীৰ ৷

বলুকা শিল্পৰে কৰ'ণা ভাইৰাচৰ সজাগতা সুদৰ্শন পাটনাইকৰ

নেশ্যনেল ডেস্ক,16 মাৰ্চঃ সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সজাগতাৰ বাবে বলুকা শিল্পী সুদৰ্শন পাটনায়কে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পুৰীৰ সাগৰ তীৰত বালিৰে চিত্ৰ অংকণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি তথা জনসাধাৰণক আতংকিত নহবলৈ আহ্বান বলুকা শিল্পীগৰাকীৰ ৷

“Let’s play our role , Do Not Panic “Take proper precautions", please Stay Calm, Be safe ! লিখি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে সুদৰ্শন পাটনায়কে ৷ ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশেষ বাৰ্তাৰে আন এক চিত্ৰ অংকণ কৰে শিল্পীগৰাকীয়ে ৷ মাৰাত্মক 'COVID -19' সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাত মিলোৱাৰ পৰিৱৰ্তে সকলোকে নমস্কাৰ জনাই সম্ভাষণ জনাবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে ৷ বলুকাৰে প্ৰধানমন্ত্ৰীৰ ছবি আঁকি "Say Yes to Namaste; Say No to Handshake”. Stay safe!" লিখে পদ্মশ্ৰী সুদৰ্শন পাটনায়কে ৷উল্লেখ্য যে, এইপৰ্যন্ত সমগ্ৰ বিশ্বতে 1,59,844 গৰাকী লোক 'COVID-19'ত আক্ৰান্ত হোৱাৰ বিপৰীতে 6,036 গৰাকী লোকৰ মৃত্যু হৈছে ৷ তদুপৰি এই ভাইৰাছৰ পৰা আৰোগ্য হৈছে প্ৰায় 76,219 গৰাকী লোক৷ ইয়াৰ ভিতৰত ভাৰতত এইপৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈছে 110 গৰাকী লোক ৷ 'COVID-19'ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দেশৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক ৷

লগতে চাওকঃ

COVID-19 : গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.