ক’ভিড-19 এ যি দ্ৰুতবেগ আৰু প্ৰভাৱেৰে বিশ্ব অৰ্থনীতি আৰু অৰ্থনৈতিক গতিশীলতাক কোঙা কৰি পেলাইছে; ইয়াৰ প্ৰভাৱ অনাগত বহু বছৰলৈকে অনুভূত হৈ থাকিব ৷ বৰ্তমানৰ এই বৃহৎ সংকটৰ প্ৰাদূৰ্ভৱৰ সময়তে বিশ্বই 2008 চনত দেখা দিয়া বিশ্ব অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাই উঠিছিল মাথো ৷ ভাৰতবৰ্ষ এনে সংকটৰ পৰা নিৰাপদ নহয় ৷ ইয়াৰ বিপৰীতে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বৃহৎ ৰাজহ আৰু বৃত্তীয় ঘাটিয়ে ভাৰতীয় অৰ্থনীতিক ইয়াৰ আটাইতকৈ দূৰ্বলতম স্থানত অৱস্থান কৰাইছিল; য’ত ব্যক্তিগত প্ৰতিস্থানবোৰৰ বিনিয়োগ আৰু সঞ্চয় হ্ৰাস পোৱা, ৰপ্তানী কমি পোৱা, উচ্চ স্তৰৰ ঋণগ্ৰস্থতা, বেংকসমূহৰ সংকট আদিয়ে ‘টকা’ক সৰ্বকালৰ নিম্নতম স্থানলৈ ঠেলি দিছিল ৷ আত্মসন্তুষ্টিৰ এক মিছা আৱেশে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে, অভিলেখ হাৰত বৃদ্ধি পোৱা বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ আমাৰ বাবে এক আশাৰ ৰেঙণি হৈ আহিছে ৷ সমস্যাজনকভাৱে অন্য দেশৰ দৰে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই অতিৰিক্ত সঞ্চয়ৰ আটাইখিনি ভাৰত চৰকাৰৰ নিজা উদ্বৃত নহয় ৷
আশাৰ ৰেঙণি
এক অন্যধৰণৰ অৰ্থনৈতিক কলীয়া ডাৱৰৰ মাজেৰে অহা ৰূপালী কিৰণ, যিয়ে গ্ৰামীণ অৰ্থনীতিত জীৱন সঞ্চাৰ হোৱা বুলি ইংগিত প্ৰদান কৰিছে… ইয়াক সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে ৷ অৱশ্যে সমগ্ৰ আৰ্থিক ব্যৱস্থাটোত কিছু ইতিবাচক দিশো নথকা নহয় ৷ গ্ৰাম্যাঞ্চলৰ চাহিদা ক্ৰমাগতভাৱে উজ্জীৱিত হ’বলৈ ধৰিছে ৷ স্থানীয় লক ডাউনবোৰৰ পাচতো বিদ্যুতৰ চাহিদা প্ৰাক-ক’ভিড স্তৰলৈকে বৃদ্ধি পাইছে ৷ মে’ৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰীৰ ব্যৱহাৰো বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় ঘাইপথসমূহত যাতায়ত বৃদ্ধি পাইছে ৷ আনহাতে, দুচকীয়া বাহনৰ চাহিদাও আশা কৰাতকৈ দ্ৰুতগতিত উন্নত হৈছে আৰু বিগত বৰ্ষৰ তুলনাত ট্ৰেক্টৰৰ চাহিদা প্ৰায় 20% লৈ বৃদ্ধি পাইছে ৷ প্ৰকৃত কথাটো হ’ল, গ্ৰামাঞ্চলসমূহ অত্যধিক ঋণৰ বোজাত নাই ৷ যাৰ অৰ্থ হৈছে বেংকসমূহে ঋণ প্ৰদান কৰিবলৈ ইচ্ছা কৰি এই অঞ্চলসমূহত কিছু ঋণ প্ৰৰোচিত গ্ৰাহক সৃষ্টি কৰাৰ সুযোগ ল’ব পাৰে ৷ গ্ৰামাঞ্চলসমূহৰ চাহিদাৰ লগত জড়িত এই সংকেতবোৰে ইয়াকে সূচাই যে, ভাৰতবৰ্ষই আশা কৰাতকৈ সোনকালে পৰিত্ৰাণ লাভ কৰিব ৷
গ্ৰামাঞ্চলৰ চাহিদা কৃষি, প্ৰৱজ্জন, ঋণ আৰু চৰকাৰৰ পৃষ্ঠপোষকতাৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্থনীতিৰ এই কঠিন সন্ধিক্ষণত বিগত বৰ্ষৰ তুলনাত অধিক ট্ৰেক্টৰ বিক্ৰী হোৱা ঘটনাই এই আশা দেখুৱাইছে যে, উন্নীত গ্ৰামীণ অৰ্থনীতিয়ে উপভোক্তা আৰু অৰ্থনীতিক সামৰ্থতা প্ৰদান কৰিব ৷ বিগত বৰ্ষৰ 4 কোটি একৰৰ বিপৰীতে 5.8 কোটি হেক্টৰ কৃষি ভূমিত খাৰিফ শস্যৰ ৰূপণৰ আশাব্যঞ্জক আৰম্ভণিৰে ধান(26%), দালি(160%), ঘেহু(29%), তেলৰ বীজ(85%) আৰু কপাহৰ(35%) ক্ষেত্ৰত হোৱা বৃহৎ বৃদ্ধি এক শুভ সংকেত ৷ যদি এই গতিক কোনো প্ৰাকৃতিক বিপৰ্যয় তথা কীট-পতংগই ধ্বংস নকৰে তেনেহ’লে এই বৰ্ষত ই এক বৃহৎ অংকৰ শস্য যোগান ধৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ অৰ্থ হ’ল গ্ৰামঞ্চলত কৃষি ক্ষেত্ৰত সাম্ভাব্য বৃহৎ সংখ্যক নিযুক্তি আৰু উচ্চ ব্যয়যোগ্য আয় লাভ কৰা ৷
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে আন আন বৃহৎ উৎপাদনকাৰী দেশসমূহত বিগত বৰ্ষৰ তুলনাত এইবাৰ শস্য ৰূপণত হোৱা হ্ৰাসৰ কথা বিবেচনা কৰিলে আন্তঃৰাষ্ট্ৰীয় কৃষিজাত সামগ্ৰীৰ দৰ সহায়ক হ’ব বুলি ক’ব পৰা যায় ৷ কৃষি ক্ষেত্ৰত যিকোনো ধৰণৰ উন্নতিয়েই আদৰণীয় কিয়নো চহৰাঞ্চললৈ হোৱা প্ৰৱজন আৰু ধনৰ প্ৰৱাহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ৷
বৃত্তীয় বৰ্ষৰ শেষৰ তিনি মাহলৈ চৰকাৰী আবন্তিত পুঁজিৰ ব্যয়ৰ বাবে অপেক্ষা কৰি থকাতকৈ এতিয়াই ব্যয় কৰিলে গ্ৰামীণ অৰ্থনীতিত পৰা হেঁচা পৰিমাণ কম হ’ব ৷ চৰকাৰী তথ্যত দেখিবলৈ পোৱা গৈছে যে কৃষি আৰু গ্ৰাম্য বিকাশ মন্ত্ৰালয়ে এই পৰ্যন্ত বিগত বৰ্ষৰ 44,000 কোটিৰ বিপৰীতে 90,000 কোটি টকা ব্যয় কৰিছে ৷ সমগ্ৰ ধনৰাশীৰ সিংহভাগ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ে এন আৰ ই জি এছৰ (প্ৰায় 43,000 কোটি) নামত ব্যয় কৰিছে ৷ আনহাতে আৰম্ভণিৰে পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ যোজনাত আন 6,000 কোটি টকা খৰছ কৰা হৈছে ৷ চৰকাৰে নতুন বিত্তীয় বৰ্ষৰ এশ দিনৰ ভিতৰতে ইয়াৰ বাবে আবন্তিত মুঠ বাজেটৰ 95% ধন ব্যয় কৰিছে ৷ এন আৰ ই জি এছৰ দাৰা 2020 চনৰ এপ্ৰিলৰ পৰা এই পৰ্যন্ত প্ৰায় 130 জন ব্যক্তিকৰ্ম দিৱসৰ কাম উৎপন্ন কৰা হৈছে ৷ ইয়াত ছখন ৰাজ্যৰ দাৰা 6 কোটি ব্যক্তি দিৱসৰ গণনা কৰি উলিওৱা হৈছে আৰু ইয়াৰ দাৰা 4.87 কোটিখন ঘৰ উপকৃত হৈছে ৷ ইতিমধ্যে এই বিত্তীয় বৰ্ষৰ এশ দিনতে, বিগত সমগ্ৰ বৰ্ষটোত সৃষ্টি হোৱা ব্যক্তিকৰ্ম দিৱসৰ মুঠ 50% দিৱস সৃষ্টি হৈছে ৷ অন্ধ্ৰ প্ৰদেশত এন আৰ ই জি এছৰ সৰ্বাধিক সক্ৰীয় কৰ্মী আছে, যি তামিলনাডুতকৈ বেছি ৷ 4 খন ৰাজ্যত 1 কোটিতকৈও অধিক সক্ৰীয় কৰ্মী আছে ৷
সাৱধানতাৰ প্ৰয়োজন
ইয়াৰ অৰ্থ এইটো নহয় যে, অৰ্থনীতিয়ে পৰিত্ৰাণ পালে ৷ ইয়াৰ একমাত্ৰ অৰ্থ হ’ল এইয়া এক শুভাৰম্ভণিহে ৷ যি নহওক, তাৎক্ষণিকভাৱে এইয়া যে এক সুস্থিৰ অৰ্থনীতিৰ বাবে হোৱা পৰিৱৰ্তন বুলি আশ্বস্ত হ’বলৈ গ’লে অতি সোনকাল কৰা হ’ব ৷ এক সুস্থিৰ ‘স্বাভাৱিকতা’ৰ প্ৰত্যাৱৰ্তনৰ বিষয়টো কৰ’ণা নিৰাময়ৰ পথ সন্ধান পোৱাৰ গতিৰ লগত সম্পূৰ্ণভাৱে সাঙোৰ খাই আছে ৷ এনেকুৱা বহুতো বিষয় আছে যাৰ বাবে চৰকাৰে সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ দেখা গৈছে বেংকসমূহ ঋণ প্ৰদান কৰাত ইচ্ছুক নহয় আৰু তেওঁলোকে প্ৰদান কৰা বুলি দাবী কৰা নতুন ঋণৰ এক বৃহৎ অংশ ‘চিৰসেউজ ঋণ’ৰ বাদে আন একো নহয় ৷ য’ত এক নতুন ঋণ গ্ৰাহকক দিয়া হৈছে বুলি দেখুওৱা হয় ৷ প্ৰকৃততে পুৰণা ঋণহে পৰিশোধ কৰিব লাগিব বুলি দেখুওৱা হয় আৰু নতুন ঋণ বিতৰণ কৰা হয় ৷ সৰল ভাষাত ক’বলৈ হ’লে নতুন ঋণসমূহ ঋণৰ প্ৰয়োজন থকা লোকসকলৰ হাতত কেইটামান নতুন টকাৰে সৈতে পৰা লেনদেন কৰা বহী এখনৰ বাদে আন একো নহয় ৷ ইয়াৰ একমাত্ৰ ব্যতিক্ৰম হ’ল তেওঁলোকে সম্পদৰ বন্ধকীৰ বিনিময়ত দিয়া ঋণ ৷ প্ৰকৃত কথাটো হ’ল বেংকসমূহ ঋণ দিয়াৰ বাবে আগ্ৰহী নহয় আৰু এই কথাটো সোণৰ ঋণ প্ৰদান কৰা সংস্থাসমূহে দিয়া বৰ্দ্ধিত ঋণসমূহলৈ লক্ষ্য কৰিলে বুজিব পৰা পাৰি… যি মধ্য আৰু নিম্নবৰ্গৰ ওপৰত প্ৰতিনিয়ত বৰ্দ্ধিত হেঁচাৰ এক স্পষ্ট ইংগিত বহন কৰে ৷ সময়মতে ঋণ প্ৰদান কৰিব পৰা নগ’লে কৃষি পুনৰুদ্ধাৰৰ দীৰ্ঘকালিন সুস্থিৰতা নাথাকিব ৷
একমাত্ৰ চৰকাৰৰ ব্যয়ৰ ভিত্তিত সৃষ্টি হোৱা যিকোনো চাহিদাই কম সময়ৰ বাবেহে ৷ ই এক সাময়িক প্ৰশমনৰ উপায়হে ৷ স্বল্পম্যাদী উপায়সমূহত যথেষ্ট ধন ব্যয় কৰি থাকিব পৰাকৈ চৰকাৰৰ হাতত সিমান সম্পদ নাই ৷ ইয়াৰ উপৰি এন আৰ ই জি এছে হেৰাই যোৱা আৰ্জিত ধনৰ ঠাই পূৰাব নোৱাৰে ৷ ইয়াৰ বিপৰীতে দীৰ্ঘম্যাদী সংস্থাপন উৎপন্ন কৰিব পৰা গতিবিধিত বিনিয়োগ কৰাৰহে প্ৰয়োজনীয়তা আছে ৷ এইটো নোহোৱালৈকে ভাৰতীয় জনগাঁঠনি আৰু অধিক সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈ থাকিব ৷
আৰু এক অত্যাৱশ্যকীয় নীতিত হস্তক্ষেপৰ প্ৰয়োজনীয়তা আছে ৷ যিহেতু কৰ আৰোপ কৰিবলৈ কম উৎস আছে, চৰকাৰসমূহে (কেন্দ্ৰীয় আৰু ৰাজ্য) সেয়ে গুৰুত্বপূৰ্ণ সামগ্ৰীবোৰত অধিক কৰ আৰোপ কৰিছে ৷ ই সৃষ্টিকৃত চাহিদাক মোহাৰি পেলোৱাৰ এক সুগম পথ ৷ যিহেতু ঘৰসমূহৰ ‘বেলেন্স শ্বীটছ’বোৰ ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে সেয়েহে জি এছ টিকে ধৰি অন্য কৰসমূহ সকলো সামগ্ৰী লগতে পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ পৰা হ্ৰাস কৰাটো চাহিদা সৃষ্টি কৰাৰ এক উৎকৃষ্ট উপায় হ’ব ৷ কেন্দ্ৰীয় চৰকাৰৰ অন্য এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা ঘোষণা কৰাৰ আৱশ্যকতা আছে ৷ পিচপৰা অঞ্চল আৰু গ্ৰামাঞ্চলসমূহত বিনিয়োগকাৰী সকললৈ দহ বছৰৰ বাবে কৰ ৰেহাই দিয়া ৷ ই দীৰ্ঘম্যাদী গ্ৰামীণ সংস্থাপন উৎপন্ন কৰাত সহায়ক হ’ব ৷
-ড. এছ অনন্ত
লগতে পঢ়ক : হাৰিয়ানাৰ নুহ জিলা : মোবাইল ইন্টাৰনেট অবিহনে স্থবিৰ হৈছে অনলাইন শিক্ষা