নেশ্যনেল ডেস্ক, 24 আগষ্ট: অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ থ'টাভাৰী পালেম গাঁৱত দেওবাৰে এগৰাকী অৱসৰপ্ৰাপ্ত সহকাৰী উপ আৰক্ষী পৰিদৰ্শকক কোনো দুৰ্বত্তই প্ৰহাৰ কৰাৰ ফলত তেওঁ মৃত্যুক সাৱটি লয় ৷
অৱসৰপ্ৰাপ্ত সহকাৰী উপ আৰক্ষী পৰিদৰ্শক নাগেশ্বৰ ৰাও (62) প্ৰকাশম জিলাৰ থ'টাভাৰী পালেম গাঁৱৰ নিবাসী আছিল ৷ সুৰেন্দ্ৰ নামৰ এজন লোকে অৱসৰপ্ৰাপ্তা আৰক্ষী গৰাকীৰ বাসগৃহৰ সন্মুখত গৈ এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰ পাচতেই আৰম্ভ হয় তৰ্ক-বিতৰ্কৰ ৷
পৰৱৰ্তী সময়ত সেই বিতৰ্ক ইমানেই বাঢ়ি যায় যে, সুৰেন্দ্ৰ নামৰ লোকজনে প্ৰাক্তন আৰক্ষী গৰাকীক হত্যা কৰে ৷ প্ৰহাৰ কৰাৰ ফলত থিতাতে নিহত হয় অৱসৰপ্ৰাপ্ত আৰক্ষী গৰাকী ৷ আনহাতে সেই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা অভিযুক্ত সুৰেন্দ্ৰই পলায়ন কৰে বুলি জানিবলৈ দিয়ে ইপুৰুপ্লেম আৰক্ষীয়ে ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত 302 ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত জনক কৰায়ত্ব কৰিবলৈ অনুসন্ধান আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে ৷