নিউজ ডেস্ক,20 মাৰ্চঃ নিৰ্ভয়াকাণ্ডৰ চাৰি অপৰাধীক ফাঁচীকাঠত ওলমোৱাৰ চাৰিঘণ্টা পাৰ হোৱাৰ পাছত ঘটনা সন্দৰ্ভত টুইটাৰযোগে মন্তব্য প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ তেখেতে কয় যে, " আজিৰ দিনটোত আমি সকলোৱে নিৰ্ভয়াকাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ নিদিয়াৰ সংকল্প লোৱা উচিত ৷ দেশৰ আৰক্ষী, আদালত, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰসমূহে দৃঢ় সংকল্পবদ্ধ হোৱা উচিত, যাতে আইন ব্যৱস্থাৰ সুৰঙা লৈ ভৱিষ্যতে কোনো অপৰাধীয়ে কোনো জীয়ৰীৰ সৈতে তেনে ঘটনা সংঘটিত কৰি সাৰি যাব নোৱাৰে ৷ সাত বছৰৰ পাছত নিৰ্ভয়াকাণ্ডৰ চাৰি অপৰাধীক আজি মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ‘ল ৷ "
লগতে মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে," নিৰ্ভয়াই ন্যায় লাভ কৰিবলৈ সুদীৰ্ঘ সাত বছৰ অপেক্ষা কৰিবলগীয়া হ‘ল ৷ আজি আমি প্ৰতিজ্ঞাবদ্ধ হ‘ব লাগিব যাতে তেনে কোনো অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি নহয় ৷ আইন ব্যৱস্থাত বহু সুৰুঙা আছে, সেই আসোঁৱাহ সমূহক দূৰ কৰি অতি সোনকালে তেনে অপৰাধীক শাস্তি পোৱাকৈ আইন ব্যৱস্থাক উন্নত কৰা উচিত ৷"
লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডৰ টাইমলাইন