ETV Bharat / bharat

1962ৰ যুদ্ধত সেনাক বিমান প্ৰদান কৰা মহাৰাজগৰাকী

author img

By

Published : Jun 28, 2020, 8:46 PM IST

1962ৰ ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ সহায়ৰ বাবে নিজৰ ব্যক্তিগত উৰাজাহাজখন প্ৰদান কৰিছিল সেইসময়ৰ ৰাজপৰিয়ালৰ এগৰাকী মহাৰাজে ৷ মধ্য-প্ৰদেশৰ ৰটলাম জিলাৰ মহাৰাজাগৰাকী হৈছে লোকেন্দ্ৰ সিং ৷ ৰাথোড় সাম্ৰাজ্যৰ পৰিয়ালৰ সদস্যসকলে সেই সময়ত মহাৰাজ লোকেন্দ্ৰ সিঙে ভাৰতীয় সেনাবাহিনীক প্ৰদান কৰা বিমানখনৰ এক ছবি প্ৰকাশ কৰিছে ৷

1962ৰ যুদ্ধত সেনাক বিমান প্ৰদান কৰা মহাৰাজগৰাকী
1962ৰ যুদ্ধত সেনাক বিমান প্ৰদান কৰা মহাৰাজগৰাকী

নিউজ ডেস্ক, 28 জুন : মধ্যপ্ৰদেশৰ প্ৰখ্যাত ৰাথোড় সাম্ৰাজ্যৰ ৰজা লোকেন্দ্ৰ সিঙৰ মৃত্য়ুতিথিৰ দিনটোতে তেওঁৰ ৰাজপৰিয়ালৰ সদস্যসকলে মুকলি কৰে এখন বিশেষ ছবি ৷ ৰাজপৰিয়ালৰ সদস্যসকলে মুকলি কৰা এই ছবিখন হৈছে এখন উৰাজাহাজৰ ছবি যিখন উৰাজাহাজৰ গৰাকী আছিল লোকেন্দ্ৰ সিং ৷

মহাৰাজ লোকেন্দ্ৰ সিং

মধ্যপ্ৰদেশৰ ৰটলাম জিলাৰ প্ৰখ্যাত ৰাথোড় সাম্ৰাজ্যৰ মহাৰাজ আছিল লোকেন্দ্ৰ সিং ৷ 1962 চনত যেতিয়া ভাৰত-চীনৰ মাজত যুদ্ধ সংঘটিত হৈছিল, সেইসময়ত মহাৰাজা লোকেন্দ্ৰ সিঙৰ ওচৰত আছিল এখন পাঁচ আসনযুক্ত বিমান ৷ সেই সময়ত মহাৰাজৰ ওচৰত আছিল 200টা আমেৰিকাত নিৰ্মিত ৱিনচেষ্টাৰ বন্দুকৰ লগতে লোকেন্দ্ৰ পল্টন নামৰ এক সেনাবাহিনী ৷

মহাৰাজ লোকেন্দ্ৰ সিঙৰ বিমানখন

যুদ্ধৰ সময়ত যেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে অৰ্থ দান কৰিবলৈ অনুৰোধ কৰিছিল তেতিয়া মহাৰাজ লোকেন্দ্ৰ সিঙে উৰাজাহাজখনৰ সৈতে তেওঁৰ এইসমূহ সম্পত্তি দেশৰ হিতৰ বাবে দান কৰিছিল ৷ ইয়াৰ উপৰিও ৰটলামৰ ফ্ৰিগঞ্জ অঞ্চলত থকা তেওঁ বহুখিনি মাটি বিক্ৰী কৰি তাৰ পৰা অৰ্জন কৰা টকাও ভাৰতীয় সেনাৰ বাবে দান কৰিছিল ৷ প্ৰকৃতাৰ্থত এগৰাকী দেশপ্ৰেমী আছিল মহাৰাজ লোকেন্দ্ৰ সিং ৷

বিমানখনৰ সৈতে মহাৰাজ লোকেন্দ্ৰ সিং

আজি তেওঁৰ মৃত্য়ুবাৰ্ষিকীৰ দিনটোত ৰাজপৰিয়ালৰ পৰিয়ালৰ সদস্য ধীৰেন্দ্ৰ সিং ৰাথোড় আৰু দিগবিজয় সিং ৰাথোড়ে মহাৰাজ লোকেন্দ্ৰ সিঙে ভাৰত চৰকাৰক প্ৰদান কৰা উৰাজাহাজখনৰ এখন ছবি প্ৰকাশ কৰে ৷ লোকেন্দ্ৰ সিং এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত বৈমানিক আছিল আৰু তেওঁ নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে বিমানখন ক্ৰয় কৰিছিল আৰু বিমানখনৰ বাবে ৰটলামৰ এখন গাঁওত এটা বিমানবন্দৰো নিৰ্মাণ কৰিছিল ৷

লগতে পঢ়কঃ পিএলএৰ বাবে কুং-ফুৰ বিপৰীতে মিক্স মাৰ্শ্বিয়েল আৰ্টৰ প্ৰশিক্ষণত অধিক গুৰুত্ব চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.