ETV Bharat / bharat

অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য

অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা ৰেহ উৎসৱত অংশগ্ৰহণ কৰে প্ৰথম গোৰ্খা ৰেজিমেন্টৰ এটা দলে ৷ দলটোৱে খুকৰী নৃত্য প্ৰদৰ্শণ কৰে ৷

অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য
অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য
author img

By

Published : Feb 1, 2021, 10:03 PM IST

তেজপুৰ, 1 ফেব্ৰুৱাৰী : ভাৰতীয় সেনাৰ 3য় ক’ৰ (Spear Corps) ৰ ডাও ডিভিজন(52 Mountain Division)ৰ এটা দলে অৰুণাচলৰ বিখ্যাত ৰেহ উৎসৱত অংশগ্ৰহণ কৰে ৷ অৰুণাচল প্ৰদেশৰ ডিবাং ভেলীৰ আনিনিত জনগোষ্ঠীয় ৰেহ উৎসৱত অংশগ্ৰহণ কৰে ডিভিজনৰ অন্তৰ্গত প্ৰথম গোৰ্খা ৰেজিমেন্টে ৷ প্ৰথমবাৰৰ বাবে এই জনগোষ্ঠীয় উৎসৱত ভাগ লোৱা সেনাৰ ঘাতক কামাণ্ডো বাহিনীৰ দলে গাটকা ড্ৰীল আৰু খুকুৰী নৃত্য প্ৰদৰ্শন কৰে ।

অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য
ৰেহ উৎসৱত অংশগ্ৰহণ স্থলসেনাৰ

সেনাবাহিনীৰ আৰু স্থানীয় লোকৰ মাজত ঐক্য-শান্তি-শৃংখলা আৰু প্ৰগতি অক্ষুন্ন ৰাখিবলৈ সেনা বাহিনীয়ে এই প্ৰচেষ্টা হাতত লয় । ৰেহ উৎসৱ অৰুণাচল প্ৰদেশৰ ইডু মিছিমি সকলে উদযাপন কৰে ৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে যে তেওঁলোকে একমাত্ৰ ঈশ্বৰৰ বাবে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে ।

সেনাৰ ঘাতক কামাণ্ডোৰ গাটকা ড্ৰীল

দৰাচলতে প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ উদযাপন কৰা হয় আৰু আগষ্ট মাহৰ ভিতৰতো এই উৎসৱ পালন কৰাৰ নিয়ম আছে । বিশেষকৈ অৰুণাচল প্ৰদেশৰ বৰফাবৃত অঞ্চলত বসবাস কৰা ইডু মিছিমি সকলে এই উৎসৱ উদযাপন কৰা দেখা যায় । এইবাৰ সেনাৰ এই সহযোগিতা আগবঢ়োৱাৰ বাবে এক অন্য মাত্ৰা লাভ কৰে এই উৎসৱে ।

ৰেহ উৎসৱত অংশগ্ৰহণ স্থলসেনাৰ গোৰ্খা সৈনিকৰ

চলিত বৰ্ষৰ 53 সংখ্যক ৰেহ উৎসৱত উপস্থিত থাকে স্থলসেনাৰ ডাও ডিভিজনৰ জিঅ’চি মেজৰ জেনেৰেল ডি এছ কুশৱাহ (সেনা মেডেল) ৷ বিষয়াগৰাকীয়ে স্থানীয় লোকসকলৰ লগতে উৎসৱত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন প্ৰদান কৰে ৷

লগতে পঢ়ক : কাজিৰঙা ভ্ৰমণ কৰিলে ফ্ৰাঞ্চৰ পৰিৱেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰ দূতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.