নিউজ ডেস্ক, ২৬ জুনঃ আগন্তুক ১২ আগষ্টলৈ বাতিল কৰা হয় মেল/এক্সপ্ৰেছ যাত্ৰী আৰু উপনগৰীয় ৰে'ল সেৱাসহ নিয়মীয়াভাৱে নিৰ্ধাৰিত সময়ত চলা ৰে'ল সেৱা । শুকুৰবাৰে এই কথা সদৰি কৰে ৰে'লৱে কৰ্তৃপক্ষই ।
লগতে ১ জুলাইৰ পৰা ১২ আগষ্টলৈকে নিৰ্ধাৰিত সময়ত চলা ৰে'ল সেৱাৰ বুকিং কৰা সকলো টিকট ইতিমধ্যে বাতিল কৰা হৈছে বুলি সদৰি কৰে ৰে'ল কৰ্তৃপক্ষই ।
তাৰোপৰি ৰে'লৱে কৰ্তৃপক্ষই সদৰি কৰে যে, ১২ জুনৰ পৰা ১ জুনলৈ আৰম্ভ হোৱা বিশেষ ৰাজধানী সেৱা আৰু বিশেষ মেল/ এক্সপ্ৰেছ ট্ৰইন সেৱা বৰ্তমানে অব্যাহত আছে বুলি সদৰি কৰে ।
লগতে পঢ়ক : কাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে