ETV Bharat / bharat

যোগগুৰু ৰামদেৱে মুকলি কৰিলে কৰ'ণাৰ আয়ুৰ্বেদিক টেবলেট 'কোৰোনিল' - যোগগুৰু ৰামদেৱ

উত্তৰাখণ্ডৰ হৰিদ্বাৰত মঙলবাৰে বাবা ৰামদেৱে মুকলি কৰে মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰা আয়ুৰ্বেদিক ঔষধ । কোৰোনিল নামৰ এবিধ টেবলেট মুকলি কৰে ৰামদেৱে । এই ঔষধ বিধৰ জৰিয়তে তিনিদনৰ ভিতৰত ৬৯ শতাংশ লোক কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে বুলি দাবী কৰে যোগগুৰু ৰামদেৱে ।

ৰামদেৱ
যোগগুৰু ৰামদেৱে মুকলি কৰিলে কৰ'ণাৰ আয়ুৰ্বেদিক টেবলেট 'কোৰোনিল'
author img

By

Published : Jun 23, 2020, 2:26 PM IST

Updated : Jun 23, 2020, 3:11 PM IST

নিউজ ডেস্ক, ২৩ জুনঃ যোগগুৰু বাবা ৰামদেৱে মঙলবাৰে মুকলি কৰে মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰা আয়ুৰ্বেদিক ঔষধ । কোৰোনিল নামৰ এবিধ টেবলেট মুকলি কৰে বাবা ৰামদেৱে । এই টেবলেট বিধৰ জৰিয়তে মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও কৰ'ণা আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে বুলি দাবী কৰে ৰামদেৱে ।

যোগগুৰু ৰামদেৱে প্ৰথমে এই টেৱলেটৰ জৰিয়তে ১০০ গৰাকী লোকৰ ওপৰত ক্লীনিক ট্ৰায়েল কৰি চাই বুলি সদৰি কৰে । এই ১০০ গৰাকী ৰোগীৰ ভিতৰত ৬৯ শতাংশ ৰোগী তিনি দিনৰ ভিতৰত কৰ'ণা পজিটিভৰ পৰা নিগেটিভ পোৱা যায় বুলি সদৰি কৰে । আৰু বাকী ৰোগীসকল ৭ দিনৰ ভিতৰত আৰোগ্য হৈ উঠে বুলি সদৰি কৰে ।

এই সন্দৰ্ভত বাবা ৰামদেৱে কয় যে,সমগ্ৰ বিশ্ব আৰু দেশে যিটো সময়ৰ বাবে অধিক আগ্ৰাহেৰে ৰৈ আছিল সেয়া আজি আমি ঘোষণা কৰিম । প্ৰস্তুত কৰি উলিওৱা হ'ল মহামাৰী কৰ'ণা প্ৰতিৰোধৰ ঔষধ । গৱেষক বলবীৰ সিং আৰু আচাৰ্যৰ সহযোগতে প্ৰস্তুত কৰি উলিওৱা হৈছে এই ঔষধবিধ ।

এতিয়ালৈকে এই ঔষধ ২৮০ গৰাকী ৰোগীৰ ওপৰত প্ৰয়োগ কৰা হৈছে । আৰু আটাইকেইজন ৰোগী সম্পৰ্ণভাৱে সুস্থ হৈ উঠিছে ।

লগতে চাওকঃ কৰ'ণা সম্পৰ্কীয় বিশ্বজোৰা শেহতীয়া সকলো তথ্য

Last Updated : Jun 23, 2020, 3:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.