ETV Bharat / bharat

ভাৰতত কোভিড-19 ত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাসঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় - কোভিড-19 ৰ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা 676 টা

কোভিড-19 য়ে সৃষ্টি কৰা এই ত্ৰাসৰ সময়ছোৱাত ভাৰতৰ ক্ষেত্ৰত দেখা দিছে দুটা বিশেষ ভাল লক্ষণে ৷ যাৰ বাবে কোভিড-19 ৰ পৰা ভাৰতবাসী আন দেশৰ তুলনাত যথেষ্ট পৰিমানে নিৰাপদ বুলি অনুমান কৰিব পাৰি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই কথা ৷

Recovery rate rising, case fatality going down: Health Ministry
ভাৰতত কোভিড-19 ত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাসঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়
author img

By

Published : Jun 2, 2020, 8:56 AM IST

নিউজ ডেস্ক,2 জুন: বিশ্বৰ আন সমূহ দেশৰ লগতে ভাৰতটো বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ফলত আতংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী ৷ কিন্তু ইয়াৰ মাজতে কোভিড-19ৰ সন্দৰ্ভত ভাৰতৰ বাবে আছে কিছু সু-খবৰ ৷ এই কথা জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ মন্ত্ৰণালয়ে জনোৱা অনুসৰি কোভিড-19 য়ে সৃষ্টি কৰা এই ত্ৰাসৰ সময়ছোৱাত ভাৰতৰ ক্ষেত্ৰত দেখা দিছে দুটা বিশেষ ভাল লক্ষণে ৷ যাৰ বাবে কোভিড-19 ৰ পৰা ভাৰতবাসী আন দেশৰ তুলনাত যথেষ্ট পৰিমানে নিৰাপদ বুলি অনুমান কৰিব পাৰি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা সেই বিশেষ ভাল লক্ষণ দুটা হ'ল-

1) বৰ্তমান সময়ত ভাৰত বৰ্ষত কোভিড-19 ৰ পৰা আৰোগ্য লাভ কৰাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ কমি আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি বিগত 24 ঘন্টাত সমগ্ৰ দেশতে মুঠ 4,853 গৰাকী কোভিড-19 আক্ৰান্তক সুস্থ শৰীৰে চিকিৎসালয়ৰ পৰা অব্য়াহতি দিয়া হৈছে ৷ ইয়াৰ লগে-লগে দেশত এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে 91,818 গৰাকী ৷ লগতে দেশত বৰ্তমান ৰোগীৰ আৰোগ্যৰ হাৰ 48.19 শতাংশ বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ উল্লেখ্য যে, 18 মে' ত ৰোগীৰ আৰোগ্যৰ হাৰ 38.29 শতাংশ হোৱাৰ বিপৰীতে 3 মে' ত 26.59 শতাংশ আৰু 15 এপ্ৰিলত এই হাৰ আছিল 11.42 শতাংশ ৷ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ প্ৰকাশ কৰিছে যে, বৰ্তমান ভাৰতবৰ্ষত 93,322 জন লোক কোভিভ-19 ত আক্ৰান্ত হৈ আছে আৰু তেঁওলোকক সম্পূৰ্ণ চিকিৎসাৰ মাজত ৰখা হৈছে ৷

Recovery rate rising, case fatality going down: Health Ministry
ভাৰতত কোভিড-19 ত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাসঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

2) ইয়াৰ বিপৰীতে মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট কম হৈছে বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ ভাৰতত বৰ্তমান কোভিড-19 ত আক্ৰান্তৰ মৃত্যুৰ হাৰ 2.83 শতাংশ ৷ যি হাৰ পূৰ্বে 18 মে'ত 3.15 শতাংশ, 3 মে'ত 3.25 শতাংশ আৰু 15 এপ্ৰিলত 3.30 শতাংশ আছিল ৷ ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে, ভাৰতত এই ৰোগত মৃত্যুৰ হাৰ ক্ৰমাৎ কমি আহিছে ৷ ইয়াৰ একমাত্ৰ কাৰণ উপযুক্ত সময়ত আক্ৰান্তক চিনাক্ত কৰি উপযুক্ত চিকিৎসা কৰা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে, ভাৰতবৰ্ষত বৰ্তমান কোভিড-19 ৰ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা 676 টা ৷ ইয়াৰে 472 টা চৰকাৰী আৰু 204 টা বেচৰকাৰী বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে, বৰ্তমানলৈকে 38 লাখ 37 হাজাৰ 207 জন ব্যক্তিৰ কোভিড-19 ৰ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 1 লাখ 80 টা নমুনা যোৱা দেওবাৰৰ দিনটোতে পৰীক্ষা কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বতে কোভিড-19 ত আক্ৰান্তৰ মৃত্যুৰ হাৰ 6.19 শতাংশ ৷ য'ত 19.35 শতাংশৰে ফ্ৰান্স শীৰ্ষত থকাৰ লগতে এই হাৰ ক্ৰমে বেলজিয়ামত 16.25 শতাংশ, ইটালীত 14.33 শতাংশ আৰু ইংলেণ্ডত 14.07 শতাংশ ৷

লগতে পঢ়কঃ ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.