চমুকৈ ক’বলৈ হ’লে-১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভংগ আৰু শীতল যুদ্ধৰ অৱসানৰ পাচত আমেৰিকাৰ নেতৃত্বত পৃথিৱীখন এক মেৰুকেন্দ্ৰিক হৈ পৰিছিল । এই ক্ষেত্ৰত সহায় কৰিছিল ইউৰোপ আৰু আন মিত্ৰ দেশসমূহে । চীনৰ বৰ্তমানৰ অৰ্থনৈতিক আৰু সামৰিক প্ৰতিপত্তি তেতিয়া কেঁচুৱা অৱস্থাত আছিল । তেতিয়া গোলকীকৰণ আৰু বিশ্বৰ আন প্ৰান্তৰ সৈতে অৰ্থনৈতিক একত্ৰীকৰণৰ জৰিয়তে ভাৰতে বিশ্বৰ প্ৰেক্ষাপটত নিজৰ স্থান উলিয়াবলৈ লৈছিলহে মাথোন ।
ছোভিয়েটৰ পৰৱৰ্তী সময়ৰ বিশ্ব
ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পাচত বহু ঘটনাই ঘটিছে । প্ৰাৰম্ভিক অৱস্থাত বহু মেৰুৰ এখন পৃথিৱীৰ এক উজ্জ্বল সম্ভাৱনা দেখা পোৱা গৈছিল য’ত চীন, ৰাছিয়া, ভাৰত, ব্ৰাজিল,দক্ষিণ আফ্ৰিকা আদি দেশে আন্তৰ্জাতিক অনুষ্ঠানবোৰৰ সংস্কাৰ সাধন কৰি, উন্নয়নশীল দেশসমূহৰ বাবে নিজাকৈ ঠাই উলিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে আশা কৰা হৈছিল । কিন্তু বিভিন্ন কাৰণত পৃথিৱীখনে যেন আনপিনেহে গতি কৰিবলৈ ল’লে । তাৰে কিছু খলা-বমাৰ কথা তলত আলোচনা কৰা হ’ল :
আমেৰিকা, ইউৰোপ আৰু ৰাছিয়াৰ মাজত ব্যৱধান বৃদ্ধিঃ চীনৰ প্ৰতি ধাৱমান ৰাছিয়া
ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পাচততে আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়নে কেইবাটাও ৰাজনৈতিক-আদৰ্শগত, অৰ্থনৈতিক আৰু কৌশলগত উদ্দেশ্যৰে ছোভিয়েট ইউনিয়নৰ অনুপস্থিতিত সৃষ্টি হোৱা খালী ঠাই পূৰণ কৰাৰ বাবে আগবাঢ়ে । তেওঁলোকে ছোভিয়েট ইউনিয়নৰ অৱসানক চিৰস্থায়ী হিচাপে পৰিগণিত কৰিব বিচাৰিছিল আৰু নতুনকৈ স্বাধীনতা লাভ কৰা দেশসমূহক ইউৰো-আটলাণ্টিক ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ বাবে মন মেলিছিল । ইউৰোপে ৰাছিয়ান ফেডাৰেশ্বনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ অন্যতম কাৰণ আছিল কাস্পিয়ান আৰু কেন্দ্ৰীয় এছিয়াত থকা শক্তিৰ অফুৰন্ত সমল । ইউৰোপিয়ান ইউনিয়নে পূব প্ৰান্তত চলোৱা দ্ৰুত সম্প্ৰসাৰণ আৰু ৰাছিয়ান ফেডাৰেশ্বনৰ পিচপিনে নাটোৰ উপস্থিতিক ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ ইয়েলষ্টিনে সহ্য কৰি আহিছিল । কিন্তু ইয়াৰ ফলত ৰাছিয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি যুক্তি দৰ্শাই ২০০০ চনৰ পৰা ৰাষ্ট্ৰপতি পুটিনে সেয়া প্ৰতিহত কৰিবলৈ চেষ্টা কৰি আহিছে । (ৰাছিয়াই পূৰ্বৰ ছোভিয়েট গণৰাজ্যসমূহ আৰু চুবুৰীয়া ছেটেলাইট দেশসমূহক কাষৰীয়া বিদেশ বুলিকোৱাৰ লগতে স্বাভাৱিকভাৱে ইয়াৰ প্ৰভাৱৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰে)।
২০০৮ চনৰ এপ্ৰিল মাহত নাটোত যোগদান কৰাৰ বাবে জৰ্জিয়া আৰু ইউক্ৰেইনৰ ঘোষণা আৰু কছভোৰ স্বাধীনতাক আমেৰিকা আৰু আন কিছুসংখ্যক দেশে প্ৰদান কৰা স্বাধীনতাৰ ফলত জৰ্জিয়াৰ পৰা আঁতৰি যোৱা দুটা অঞ্চল আবখাইজা আৰু দক্ষিণ অ’ছেটিয়াৰ স্বাধীনতাক ৰাছিয়াই ২০০৮ চনত স্বীকৃতি প্ৰদান কৰে । একেদৰে ২০১৪ চনত ইউক্ৰেইনৰ ক্ৰিমিয়াক ৰাছিয়াই দখল কৰে । এনেবোৰ কাৰণতে ৰাছিয়া আৰু পশ্চিমীয়া দেশসমূহৰ মাজত ব্যৱধান বৃদ্ধি পায় । বিশেষকৈ আমেৰিকাৰ চমনৰ পাচত ৰাছিয়াই অৰ্থনৈতিক সংকটৰ মুখামুখি হ’বলগীয়া হয় । গতিকে সুবিধাজনক মিত্ৰৰ সন্ধানত ৰাছিয়াই দ্ৰুত গতিৰে চীনৰ কাষ চপাটো অনিবাৰ্য হৈ পৰে ।
চীন-ৰাছিয়া : বিভিন্ন দিশত গঢ়ি উঠা দৃঢ় সম্পৰ্ক
“কম্প্ৰিহেনছিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অৱ ক’অৰ্ডিনেশ্বন ফৰ্ নিউ এৰা”ত ২০১৯ চনৰ ভিতৰত উপনীত হোৱাৰ উদ্দেশ্যে ৰাছিয়া আৰু চীনৰ মাজত বিগত বৰ্ষসমূহত সম্পৰ্কৰ ঘনিষ্ঠতা বৃদ্ধি পায় । এই উদ্দেশ্যৰ ভিতৰত আছে বহু দিশত দ্বিপাক্ষিক সহযোগিতাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত সহযোগিতামূলক দৃষ্টিভংগী । ২০১৮ চনত দুয়ো দেশৰ বাণিজ্যই ১০৮ বিলিয়ন ডলাৰত উপনীত হৈ এশ বিলিয়ন ডলাৰৰ ঘৰ পাৰ কৰে । এই ক্ষেত্ৰত দেশ দুখনৰ মাজত ব্যৱয়াসিক নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱা দেখা নগ’ল । প্ৰতিৰক্ষা খণ্ডতো সহযোগিতা ঊৰ্ধগামী হৈছে । সীমা সমস্যাও কম-বেছি পৰিমাণে সমাধান হৈছে । এই সম্পৰ্ক যেন পাৰস্পৰিক নিৰ্ভৰশীল হিচাপে পৰিগণিত হৈছে ।
চীন আৰু ইৰানৰ মাজত নৈকট্য বৃদ্ধি
২০১৮ চনৰ মে’ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰান পাৰমাণৱিক চুক্তি বাতিল কৰাৰ লগতে ইৰানৰ ওপৰত চমন জাপি দিয়াৰ ফলত দেশখনৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ২০১৭ চনৰ আগষ্ট মাহত চি এ এ টি এছ এ বা কাউণ্টাৰিং আমেৰিকাছ এডভাৰ্ছাৰিছ্ থ্ৰু চেংকচনছ্ এক্ট নামৰ আইনখন গৃহীত কৰি ইৰান, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ ওপৰত চমন জাৰি কৰে । ইয়াৰ লগতে আমেৰিকাৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰা আন আন দেশৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰে ।
ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে চীন আৰু ইৰানৰ মাজত ৪০০ বিলিয়ন ডলাৰৰ অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত চুক্তি স্বাক্ষৰ হোৱাৰ বাতৰি ওলাইছে । চীনে ইৰানৰ তৈল খণ্ডত বিনিয়োগ কৰাৰ বাবদ ৰেহাই মূল্যত তেল আৰু গেছ লাভ কৰিব । ইৰানক একাষৰীয়া কৰা আৰু পাৰমাণৱিক উচ্চাকাংক্ষাৰ বাবে দেশখনক শাস্তি প্ৰদান কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা চেষ্টাক এই চুক্তিখনে নস্যাৎ কৰিব ।
চীনৰ সম্প্ৰসাৰণবাদ
বিশ্বৰ পৰিস্থিতিৰ লাহে লাহে এনেদৰে পৰিৱৰ্তন হ’বলৈ ধৰিলে যে চীন, ৰাছিয়া আৰু ইৰানৰ মাজত এক বন্ধুত্বপূৰ্ণ শক্তি গঢ়ি উঠাটো স্বাভাৱিক হৈ পৰিল । পাকিস্তান আৰু উত্তৰ কোৰিয়া ইতিমধ্যে চীনৰ বন্ধু ৰাষ্ট্ৰ আছিল । শেহতীয়াকৈ নেপাল আৰু শ্ৰীলংকায়ো চীনৰ শিবিৰত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে । নতুন ৰাজনৈতিক মানচিত্ৰৰ জৰিয়তে ভাৰতৰ ভূখণ্ডত নেপালৰ বেদখল আৰু কলম্বো বন্দৰত পূব কণ্টেইনাৰ টাৰ্মিনেলৰ বাবে শ্ৰীলংকা-ভাৰত-জাপানৰ যৌথ প্ৰকল্পক শ্ৰীলংকাই পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত চীনৰ প্ৰৰোচনাতে হৈছে । আফ্ৰিকা বা আন অঞ্চলৰ কিছুসংখ্যক সৰু দেশৰ সমৰ্থনো চীনে হিচাপত ধৰিব পাৰে ।
চীনৰ বিৰুদ্ধে গোলকীয় শক্তিৰ একত্ৰীকৰণ
ৰয়টাৰৰ বাতৰি মতে চীনৰ সমসামিয়ক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক প্ৰতিষ্ঠানে (চীনৰ শীৰ্ষ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত চৰকাৰৰ দ্বাৰা স্বীকৃত থিংক টেংক)According to Reuters, the China Institute of Contemporary International Relations, (a government-affiliated think tank associated with China’s top intelligence agency) এই বৰ্ষৰ এপ্ৰিল মাহত প্ৰকাশ কৰা এক আভ্যন্তৰীণ প্ৰকল্পত উল্লেখ কৰিছে যে ১৯৮৯ চনৰ টিনানমেন স্কোৱেৰৰ ঘটনাৰে পৰা বিশ্বজুৰি চীন বিৰোধী মনোভাৱ বৃদ্ধি পাইছে । এয়া স্পষ্ট আৰু সঠিক মন্তব্য বুলি ক’ব পাৰি । এই ক্ষেত্ৰত বহু কাৰণ আছে । তাৰে কিছুমান কাৰণ তলত আলোচনা কৰা হ’ল ।
চীন আৰু বাকী বিশ্বৰ মাজত বিশ্বাসৰ ব্যাপক অভাৱ বহুদিনৰে পৰা অব্যাহত আছে । সমগ্ৰ এছিয়া মহাদেশত চীনৰ ক্ৰমবৰ্দ্ধিত শক্তি, উপস্থিতি আৰু প্ৰভাৱৰ লগতে অসৎ উপায়েৰে অৰ্থনৈতিক দাসত্বৰ জৰিয়তে বিশ্বজয় কৰাৰ বাবে দেশখনৰ উদ্দেশ্যই মূলতঃ ইয়াত ক্ৰিয়া কৰিছে । চীনৰ আন্তঃৰাষ্ট্ৰীয় সাহায্য নীতি, আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়ন, বিশেষকৈ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ আৰু ইয়াৰ ফল—ঋণৰ জাল নীতি আদিৰ গুৰুত্বপূৰ্ণ ভোগলিক-ৰাজনৈতিক আৰু নিৰাপত্তাজনিত প্ৰভাৱ আছে বুলি গণ্য কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতকে ধৰি অধিকাংশ বৃহৎ দেশে চীনৰ সৈতে থকা বিশাল বাণিজ্যিক ব্যৱধান সম্পৰ্কে সজাগ হৈ পৰিছে আৰু পদ্ধতিগতভাৱে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু নিয়ন্ত্ৰক সংস্থাত নিজৰ অংশ বৃদ্ধিৰ চেষ্টা চলাইছে । চীনৰ বজাৰত বিদেশী কোম্পানীৰ প্ৰৱেশত নিয়ম-নিষেধ আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানক অধিক প্ৰাধান্য প্ৰদানো চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে । ছাইবাৰ চোৰাংচোৱাগিৰি কৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগ আছে । বিবাদিত দক্ষিণ চীন আৰু পূব চীন সাগৰত চীনৰ আগ্ৰাসনক জলপথ আৰু আকাশীপথৰ স্বাধীনতাৰ প্ৰতি ভাবুকি হিচাপে গ্ৰহণ কৰা হয় । কিয়ৱো এই পথেৰে বিলিয়ন ডলাৰৰ ব্যৱসায় চলে ।
কোভিড-১৯ বিয়পোৱাত চীনৰ সন্দেহজনক ভূমিকা, সংকটৰ সুযোগ গ্ৰহণ কৰি বিকল চিকিৎসাজনিত সামগ্ৰী বিক্ৰী, সংকটৰ সন্মুখীন হোৱা বিদেশৰ সম্পত্তি ক্ৰয়ৰ বাবে কৰা চেষ্টা আদি কাণ্ডই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ ভাৱমূৰ্তি বিনষ্ট কৰাই নহয়, চীন বিৰোধী অভিযান গঢ়াতো উদগণি যোগাইছে । এই চীন বিৰোধী অভিযানৰ উদ্দেশ্য গৈছে চীনৰ অৰ্থনীতিত ক্ষতি কৰিব পৰা দিশত আক্ৰমণ কৰা । অৰ্থনীতিক দুৰ্বল কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ হ্ৰাস কৰাটোৱেই ইয়াৰ মূল লক্ষ্য । চীনৰ বিনিয়োগ নিৰীক্ষণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে, চীনা কোম্পানীৰ সৈতে হোৱা চুক্তি বা ঠিকাসমূহ পুনৰ বিবেচনা অথবা বাতিল কৰা হৈছে, হুৱাইৰ প্ৰৱেশ নিষেধ কৰা হৈছে আৰু উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহক চীন ত্যাগ কৰিবলৈ আৰ্থিক সুবিধা প্ৰদান কৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰদেশসমূহে ভাৰত-প্ৰশান্ত মহাসাগৰত শক্তি বৃদ্ধি কৰিবলৈ লৈছে । তদুপৰি কোৱাড (আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ গোট) হৈছে চীনৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে সতৰ্ক বাৰ্তা । চীনবিৰোধী অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰ অধিক সৰৱ । ইউৰোপিয়ান ইউনিয়নেও স্থিতি কঠোৰ কৰিবলৈ লৈছে । ইয়াৰ লগতে জাপান, অষ্ট্ৰেলিয়া আৰু আন কিছুসংখ্যক আছিয়ান সদস্য ৰাষ্ট্ৰই এই অভিযানত যোগ দিয়াৰ নিজা নিজা কাৰণ আছে । ভাৰততো ব্যাপক হাৰত চীনৰ বিৰুদ্ধে আৱেগ গঢ়ি উঠিছে ।
সামগ্ৰিক ফলাফল
এই শক্তিৰ পুনৰ্গঠনৰ ফল স্বৰূপে হয়তো আমি শীঘ্ৰেই দুটা গোটৰ মুখামউকি সংঘৰ্ষ দেখিবলৈ পাম । আমোদজনকভাৱে আমেৰিকাৰ উৎসাহত গঠিত গোটটোত এনে কিছুমান দেশ আছে যিসমূহ দেশে গণতন্ত্ৰ, আইনৰ শাসন, স্বচ্ছতা, মানৱাধিকাৰ আৰু সংখ্যালঘুৰ প্ৰতি সন্মান আদি দিশত গুৰুত্ব প্ৰদান কৰি আহিছে । চীনক অভিকেন্দ্ৰ হিচাপে জন্ম হোৱা আনটো গোটৰ ক্ষেত্ৰত একেখিনি কথা প্ৰযোজ্য নহয় । এই গোটৰ সদস্য ৰাছিয়া, পাকিস্তান, উত্তৰ কোৰিয়া, ইৰান আদি দেশে এনেবোৰ সাৰ্বজনীন মূল্যবোধক বিশেষ গুৰুত্ব প্ৰদান নকৰে । তেনেস্থলত গণতন্ত্ৰৰ গোট আৰু স্বেচ্ছাচাৰীৰ মিত্ৰশক্তিৰ মাজৰ এক সংঘাতৰ সাক্ষী হ’বলৈ আমি গৈ আছোঁ নেকি?
লেখক : আচল মালহোত্ৰা, প্ৰাক্তন কূটনীতিবিদ (জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ কাৰ্যালায়ত কাৰ্যনিৰ্বাহৰ অভিজ্ঞতাৰে সমৃদ্ধ । ৰাষ্ট্ৰসংঘত বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ডব্লিউ আই পি অ’ আৰু আই এল অ’ৰ সৈতেও কাম কৰিছিল)
লগতে পঢ়ক : পাকিস্তানৰ নৃশংসতাৰ কাহিনী, সৌৰভ কালিয়াৰ ঘটনা