গুৱাহাটী, ৬ জুনঃ সৌ সিদিনালৈকে অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব হিচাপে দক্ষতাৰে কাম কৰি থকা ভাৰতীয় প্ৰশাসনিক সেৱাৰ সুদক্ষ বিষয়া ডঃ ৰবি কোটাক বদলি কৰা হৈছে ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসলৈ । এতিয়াৰে পৰা তেওঁ ৱাশ্বিংটন ডি চিৰ ভাৰতীয় দূতাবাসত নতুন অৰ্থনৈতিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিব।
১৯৯৩ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ডঃ ৰবি কোটাই,অসমৰ কেইবাখনো জিলাত উপায়ুক্ত হিচাপে দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিবৰ পদতো অধিষ্ঠিত হৈছিল। সম্প্ৰতি এইগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। দিল্লীৰ অসম ভৱনত প্ৰধান আৱাসিক আয়ুক্ত পদতো কাৰ্যনিৰ্বাহ কৰিছিল ডঃ ৰবি কোটাই ।
লগতে পঢ়কঃ বনাঞ্চলৰ সংখ্যা বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে