ETV Bharat / bharat

কোভিড-19: আৰোগ্য লাভ কৰাসকলৰ বাবে নতুন প্ৰত্যাহ্বান নিবনুৱা সমস্যা - Thorax

এক গৱেষণাত পোহৰলৈ আহিছে যে, কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা অধিকাংশ লোকৰে সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ চিকিৎসালয়ৰ আইচিইউৰ পৰা বাহিৰলৈ অহা অধিকাংশ ৰোগীয়ে এতিয়া এক বহু দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব কিয়নো তেওঁলোকৰ মাজত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা স্পষ্ট হৈ দেখা দিছে ৷

কোভিড-19ৰ আৰোগ্যকাৰীসকলৰ মাজত বৃদ্ধি নিবনুৱা সমস্যা

author img

By

Published : Jun 6, 2020, 8:41 PM IST

নিউজ ডেস্ক, 6 জুনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিনছ মেডিচিন নামৰ সংস্থাটোৰ গৱেষণাত এইটো তথ্য পোহৰলৈ আহিছে যে,কোভিড-19ৰ পৰা ৰক্ষা পোৱা অধিকাংশ লোকেই নিবনুৱা সমস্যাত ভুগিব লাগিব ৷ কিয়নো গৱেষণাত এই তথ্য পোহৰলৈ আহিছে যে,কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ পৰৱৰ্তী সময়ত শাৰিৰীক শক্তিকে ধৰি অন্যান্য আনুসংগিক দিশসমূহ পৰিপক্ক হৈ উঠালৈ এগৰাকী ব্যক্তিক বহুখিনি সময়ৰ প্ৰয়োজন হ'ব ৷ এইখিনি সময়ত তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ বিষয় হ'ব জিৰণি ৷

2017 চনৰ 16 ছেপ্টেম্বৰত Thorax নামৰ জাৰ্নেলত প্ৰকাশ পোৱা এখন গৱেষণাপত্ৰত এইটো কোৱা হৈছিল যে,স্নায়ৱিক ৰোগ (acute respiratory distress syndrome, ARDS)ৰ পৰা ৰক্ষা পোৱা অধিকাংশ লোকৰ দৰেই কোভিড-19ৰ ক্ষেত্ৰটো একেই দিশ পৰিলক্ষিত হৈছে ৷ সেইটো অধ্যয়নত 8 গৰাকীৰ ভিতৰত 3 গৰাকীয়ে জীৱিকা হেৰুৱাইছিল, যিটো পাঁচবছৰত 180,000 ডলাৰৰ লোকচান বুলি কোৱা হৈছিল ৷

পৰৱৰ্তী পাঁচ বছৰত কৰা নিৰীক্ষণত এইসকল লোকৰ ভিতৰত এক-তৃতীয়াংশই কেতিয়াও চাকৰিলৈ উভটি নগ'ল ৷ ইয়াৰ ফলত দেখা দিয়া বিত্তীয় ফলাফল অধিক শোচনীয় আছিল ৷ সংস্থাটোৰ নিৰ্দেশক তথা গৱেষণাত জড়িত থকা ডালে নেধামে কয় যে,এগৰাকী ৰোগীৰ বাবে এসপ্তাহৰ অধিক সময় আইচিইউত থকাটোৱে তেওঁৰ লগতে পৰিয়ালৰ বাবে জীৱনব্যাপী থাকি যোৱা এক অভিশাপ হিচাপে পৰিগণিত হ'ব পাৰে ৷

বিভিন্ন বিষয়ত বিগত এবছৰ ধৰি চলোৱা এক গৱেষণাত এইটো পোহৰলৈ আহিছে যে,স্নায়ৱিক ৰোগৰ পৰা ৰক্ষা পোৱা 44 শতাংশ লোকেই এবছৰৰ ভিতৰত তেওঁলোকৰ কামলৈ উভটি অহা নাছিল ৷ অধ্যয়নত এইটো স্পষ্ট হৈছিল যে,তেওঁলোকৰ ভিতৰত 14 শতাংশৰ ব্যক্তিগত বীমা আছিল আৰু 16 শতাংশৰে চৰকাৰী বীমাৰ প্ৰয়োজন হৈছিল ৷

লগতে পঢ়কঃ এখন বিদ্যালয়ৰ সাফল্যঃ 23 গৰাকীয়ে লাভ কৰিলে লেটাৰ নম্বৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.