ETV Bharat / bharat

বিজেপিৰ বিধায়কৰ 'পাৰ্ফৰ্মেন্স' মূল্যায়ণৰ বাবে ৱেবচাইট আৰু হোৱাট্চএপ নম্বৰ মুকলি

author img

By

Published : May 18, 2020, 6:04 PM IST

ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কৰ'ণা ভাইৰাছক লৈ অসম চৰকাৰৰ পদক্ষেপক সন্তুষ্টি প্ৰকাশ কৰে । লগতে কৰ‘ণা ভেকচিন নোলোৱা পৰ্যন্ত আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

ranjit-das-press-meet about report_card
বিজেপিৰ বিধায়কৰ 'পাৰ্ফৰ্মেন্স' মূল্যায়ণৰ বাবে ৱেবচাইট আৰু হোৱাট্চএপ নম্বৰ মুকলি

গুৱাহাটী, 18 মে‘ : ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি বিজেপি বিধায়কৰ 'পাৰ্ফৰ্মেন্স' মূল্যায়ণৰ বাবে ৱেবচাইট আৰু হোৱাটছ্এপ নম্বৰ মুকলি কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ।

সোমবাৰে ৰাজ‍্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে দিশপুৰ বিধায়ক আবাসত এক সংবাদমেল সন্মোধন কৰি কয়,'২১ ৰ নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰস্তুত হোৱাৰ নিৰ্দেশ দিছে । সেই উদ্দেশ্য আগত ৰাখি আমি বিধায়ক সকলৰ পাৰফমেন্স চাবৰ বাবে হোৱাটছ্এপ নম্বৰ 8011126043 আৰু বেৱছাইট Www.mlareportcard.in মুকলি কৰিছোঁ ।

য'ত অসমৰ জনসাধাৰণে অসমৰ প্ৰতিটো সমষ্টিৰে জন প্ৰতিনিধিৰে কামৰ খতিয়ানৰ মূল‍্যাংকন কৰিব পাৰিব । জন সাধাৰণৰ মূল‍্যাংকনৰ ভিত্তিতে বিজেপি আৰু মিত্ৰজোঁটৰ জনপ্ৰতিনিধিৰ টিকট পোৱা নোপোৱা নিৰ্ভৰ কৰিব ।'

আনহাতে , দাসে কৰ'ণা ভাইৰাছক লৈ অসম চৰকাৰৰ পদক্ষেপক সন্তুষ্টি প্ৰকাশ কৰে । লগতে কৰ‘ণা ভেকচিন নোলোৱা পৰ্যন্ত আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব বুলি উল্লেখ কৰে । ইয়াৰ ওপৰি বিজেপিৰ কাৰ্যকৰ্তাই দুখীয়া শ্ৰেণীৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ কথাও দোহাৰে ৰাজ‍্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক : Covid-19 সম্পৰ্কত স্বাধীন তদন্তৰ বৈশ্বিক সংকল্পক সমৰ্থন ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.