নতুন দিল্লী, 10 জানুৱাৰী : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে সোমবাৰে উচ্চস্তৰীয় এক বৈঠকৰ জৰিয়তে নতুন শিক্ষা নীতি-2020 ৰূপায়ণৰ বাবে বিভাগীয় কেতবোৰ দিশ আলোচনা কৰিব বুলি শিক্ষা মন্ত্রণালয়ৰ এক সূত্ৰই প্ৰকাশ কৰে।
শিক্ষা মন্ত্রণালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, "COVID-19 মহামাৰীৰ বাবে নতুন শিক্ষা নীতি-2020 ৰূপায়ণ আৰু প্ৰসাৰণ কৰিব পৰা নাছিল। এতিয়া, পৰিস্থিতি স্বাভাৱিক হোৱাৰ লগতে নিম্ন শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়লৈ সকলো স্তৰতে পাঠদান আৰম্ভ হৈ গৈছে,গতিকে নতুন শিক্ষা নীতি কাৰ্যকৰী কৰিব পৰা সময় হৈছে ৷ নতুন শিক্ষা নীতি-2020 হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি-1986 ৰ সংশোধিত ৰূপ ৷ যিয়ে দেশৰ শিক্ষাৰ নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ শিক্ষালৈকে গুৰুত্ব আৰোপ কৰিছিল ৷
উল্লেখ্য যে, কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ জুলাই মাহতে নিম্ন শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়লৈ সকলো স্তৰতে শিক্ষা নীতিক সাৰ্বজনীন কৰাৰ উদ্দেশ্যৰে নতুন শিক্ষা নীতি-2020ক অনুমোদন জনাইছিল। এই শিক্ষা নীতি খনৰ উদ্দেশ্য হৈছে এজন ব্যক্তিক এক বা একাধিক বিশেষ ক্ষেত্ৰত গভীৰ ভাৱে অধ্যয়ন কৰিবলৈ সক্ষম কৰোৱাৰ লগতে বিজ্ঞান, সমাজ বিজ্ঞান, কলা, অনুশাসন, বৈজ্ঞানিক মনোভাৱ, সৃষ্টিশীলতা আৰু একৈশ শতিকাৰ লগত নিজক বিকশিত কৰা।
লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল জম্মু-কাশ্মীৰ