ETV Bharat / bharat

ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ৰ মনোনয়ন দাখিল - যোগগুৰু বাবা ৰামদেৱ

মনোনয়ন দাখিলৰ সময়ত উপস্থিত পত্নীৰ লগতে ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ৰ যোগগুৰু বাবা ৰামদেৱ

ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ৰ মনোনয়ন দাখিল
author img

By

Published : Apr 17, 2019, 7:37 AM IST

নিউজ ডেস্ক,17 এপ্ৰিলঃ মঙলবাৰে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়ামন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰথোড়ে ৷ ৰাথোড়ৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে পত্নী গায়ত্ৰী ৰাথোড়ৰ লগতে যোগগুৰু বাবা ৰামদেৱ ৷

জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৷ অধিক সংখ্য়ক লোকৰ পৰা সহযোগিতা লাভ কৰিব বুলি আশা কৰি কেন্দ্ৰীয় মন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে,"দেশৰ ইতিহাস মন কৰিলে দেখা যায় যে, অতীজতে দেশ কোনো সাধু-সন্তৰ তত্বাৱধানত পৰিচালিত হৈছিল কিন্তু বৰ্তমান ৰাজনীতিবিদ সকল মহাত্মা বা সাধু-সন্ত সকলৰ আদৰ্শৰ পৰা বহুদূৰ আঁতৰি যোৱা দেখা গৈছে ৷ কিন্তু,মই গুৰুজী আৰু জেষ্ঠ জনৰ আদৰ্শ গ্ৰহণ কৰি ৰাজনীতিৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিছো" ৷

আনহাতে,ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ক দেশৰ গৌৰৱ আখ্য়া দি বাবা ৰামদেৱে দেশবাসীয়ে পুনৰ নৰেন্দ্ৰ মোডীক চৰকাৰ গঠনত সহায় আগবঢ়াব বুলি মন্তব্য় কৰে ৷়

etv
ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ৰ মনোনয়ন দাখিল

উল্লেখযোগ্য় যে,প্ৰাক্তন অলিম্পিক বঁটা বিজয়ী শ্বুটাৰ ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ে 2013 বৰ্ষত বিজেপি দলত যোগদান কৰি 2014 বৰ্ষত ৰাজ্য়িক তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী ৰূপে নিজৰ দায়িত্ব পালন কৰাৰ লগতে 2017 বৰ্ষৰ পৰা কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়ামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

RAJYABARDHAN SINGH RATHORE FILES NOMINATION

ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ৰ মনোনয়ন দাখিল

মনোনয়ন দাখিলৰ সময়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীজনৰ পত্নীৰ লগতে যোগগুৰু বাবা ৰামদেৱ

নিউজ ডেস্ক,17 এপ্ৰিলঃ মঙলবাৰে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়ামন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰথোড়ে ৷ ৰাথোড়ৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে পত্নী গায়ত্ৰী ৰাথোড়ৰ লগতে যোগগুৰু বাবা ৰামদেৱ ৷ 

জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৷ অধিক সংখ্য়ক লোকৰ পৰা সহযোগিতা লাভ কৰিব বুলি আশা কৰি কেন্দ্ৰীয় মন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে,"দেশৰ ইতিহাস মন কৰিলে দেখা যায় যে, অতীজতে দেশ কোনো সাধু-সন্তৰ তত্বাৱধানত পৰিচালিত হৈছিল কিন্তু বৰ্তমান ৰাজনীতিবিদ সকল মহাত্মা বা সাধু-সন্ত সকলৰ আদৰ্শৰ পৰা বহুদূৰ আঁতৰি যোৱা দেখা গৈছে ৷ কিন্তু,মই গুৰুজী আৰু জেষ্ঠ জনৰ আদৰ্শ গ্ৰহণ কৰি ৰাজনীতিৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিছো" ৷

আনহাতে,ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ক দেশৰ গৌৰৱ আখ্য়া দি  বাবা ৰামদেৱে দেশবাসীয়ে পুনৰ নৰেন্দ্ৰ মোডীক চৰকাৰ গঠনত সহায় আগবঢ়াব বুলি মন্তব্য় কৰে ৷়

উল্লেখযোগ্য় যে,প্ৰাক্তন অলিম্পিক বঁটা বিজয়ী শ্বুটাৰ ৰাজ্যবৰ্ধন সিঙ ৰাথোড়ে 2013 বৰ্ষত বিজেপি দলত যোগদান কৰি 2014 বৰ্ষত ৰাজ্য়িক তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী ৰূপে নিজৰ দায়িত্ব পালন কৰাৰ লগতে 2017 বৰ্ষৰ পৰা  কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়ামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.